নতুন আইটি নীতি অৱলম্বন কৰিবলৈ আঠ সপ্তাহ লাগিব, দিল্লী উচ্চ ন্যায়ালয়ক জনালে টুইটাৰে

TWITTER 2

নতুন আইটি বিধি মানি ভাৰতৰ বাসিন্দা কোনো ব্যক্তিক অভিযোগ গ্ৰহণকাৰী বিষয়া হিচাপে নিয়োগ কৰিবলৈ আঠ সপ্তাহ সময় লাগিব । বৃহস্পতিবাৰে এই কথা দিল্লী উচ্চ ন্যায়ালয়ক জনালে টুইটাৰে । আদালতত জমা দিয়া হলফনামাত টুইটাৰে জনায় যে, তেওঁলোকে ভাৰতত এখন জনসংযোগ কাৰ্যালয় স্থাপন কৰাৰ কাম আৰম্ভ কৰিছে ।

নতুন আইটি বিধি মানি কেতিয়া ভাৰতৰ বাসিন্দা অভিযোগ গ্ৰহণকাৰী বিষয়া নিযুক্ত কৰিব, এই বিষয়ে আঠ জুলাইৰ ভিতৰত জনাবলৈ মঙলবাৰে টুইটাৰক নিৰ্দেশ দিছিল বিচাৰপতি ৰেখা পল্লিয়ে । তেওঁ শুনানিত কৈছিল, টুইটাৰে ন্যায়ালয়ক জনোৱা নাই যে তেওঁলোকে কেৱল এজনক অন্তৰ্ৱৰ্তীকালীন ভিত্তিত অভিযোগ গ্ৰহণকাৰী বিষয়া হিচাপে নিয়োগ কৰিছিল । সেই ব্যক্তিজনে ইতিমধ্যে পদত্যাগ কৰিছে ।

টুইটাৰৰ অধিবক্তাক ভৰ্ৎসনা কৰি বিচাৰপতিয়ে কয়, ‘এইটো অতি গুৰুত্বপূৰ্ণ বিষয় । আপোনালোকে ন্যায়ালয়ক জনোৱা নাই যে প্ৰকৃততে এজন অন্তৰ্ৱৰ্তীকালীন বিষয়াক নিয়োগ কৰিছিল । আপোনালোকে যদি ভাবে যে আমাৰ দেশত যিমান দিন ইচ্ছা সময় ল’ব, সেইটো মই হ’ব নিদিওঁ । আপোনালোকে দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল ।’

ইয়াৰ প্ৰত্যুত্তৰত হলফনামাত দিল্লী উচ্চ ন্যায়ালয়ক টুইটাৰে কয়, ‘কোনো ভাৰতীয়ক অভিযোগ গ্ৰহণকাৰী বিষয়া হিচাপে নিয়োগ কৰিবলৈ আৰু আঠ সপ্তাহ সময় লাগিব । ভাৰতত এখন জনসংযোগ কাৰ্যালয় স্থাপন কৰাৰ বিষয়টোও প্ৰক্ৰিয়াধীন হৈ আছে । এই কাৰ্যালয়ত নতুন আইটি বিধি অনুসৰি সকলো অভিযোগ জনাব পাৰিব ।’ ‌

Exit mobile version