নতুন দিল্লীৰ চিবিআই-ৰ কাৰ্যালয়ত অগ্নিকাণ্ড

CBI

নতুন দিল্লীৰ চিবিআই-ৰ সদন কাৰ্যালয়ত অগ্নিসংযোগ ঘটে । বৃহস্পতিবাৰে দুপৰীয়া অট্টালিকাত জুই লাগে । খবৰ লাভ কৰিছে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী । এই পৰ্যন্ত কোনো হতাহতৰ তথ্য লাভ কৰা নাই ।

সংবাদ সংস্থা সূত্ৰে খবৰ, বৃহস্পতিবাৰে পুৱা কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাটোৰ সদৰ কাৰ্যালয়ৰ অট্টালিকাৰ পৰা ক’লা ধোঁৱা নিৰ্গত হোৱা দেখিবলৈ পোৱা যায় । আট্টালিকাটোৰ পাৰ্কিং লটৰ পৰা কিবা কাৰণত অগ্নি সংযোগ হোৱা বুলি প্ৰাথমিকভাৱে সন্দেহ কৰা হৈছে । আট্টালিকাৰ কণ্ট্ৰ’ল ৰুমৰ পৰা খবৰ লাভ কৰি জুই নুমুৱাবলৈ অগ্নিনিৰ্বাপক বাহিনী আহি উপস্থিত হয় । কিছুসময়ৰ চেষ্টাত জুই নিয়ন্ত্ৰণত আহে ।

আৰক্ষীয়ে জনায়, জুই লগাৰ পাছত সেই আট্টালিকাৰ পৰা কৰ্মীসকলক উলিয়াই অনা হয় । এই পৰ্যন্ত কোনো ক্ষয়-ক্ষতিৰ খবৰ লাভ কৰা নাই । কি কাৰণত অগ্নিসংযোগ হ’ল তাৰ তদন্ত চলাই থকা হৈছে ।

Exit mobile version