বকেয়া কৰ নিদিয়াৰ বাবে ফ্ৰান্সত ভাৰত চৰকাৰৰ সম্পত্তি বাজেয়াপ্ত কৰিলে কেয়াৰ্নে

cairn kOMB

তেলৰ বাবদ বকেয়া কৰ নিদিয়াৰ বাবে ফ্ৰান্সত ভাৰত চৰকাৰৰ ২০ টা সম্পত্তি জব্দ কৰিলে ব্ৰিটিছ তেল সংস্থা কেয়াৰ্ন এনাৰ্জিয়ে । এই দাবী লণ্ডন ফাইনেন্সিয়েল টাইমছ-ৰ । এই প্ৰতিবেদনত কোৱা হয়, যোৱা ১১ জুনত ফ্ৰান্সৰ ন্যায়ালয়ত কেয়াৰ্ন এনাৰ্জিক ভাৰত চৰকাৰৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ নিৰ্দেশ দিয়া হৈছে । বুধবাৰে এই আইনী প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে সম্পত্তি জব্দ কৰে কেয়াৰ্নে ।

কেয়াৰ্ন এনাৰ্জিৰ বকেয়া কৰ গোচৰত সংস্থাটোক সুদ আৰু মূল মিলাই মুঠ ১৭২.৫ কোটি ডলাৰ (প্ৰায় ১২ হেজাৰ ছশ কোটি টকা) উভতাবলৈ বিগত বৰ্ষৰ ডিচেম্বৰত ভাৰত চৰকাৰক নিৰ্দেশ দিছিল নেদাৰলেণ্ডৰ আন্তৰ্জাতিক ছালিছি ট্ৰাইব্যুনেলে । যাৰ বিৰুদ্ধে আবেদন জনাইছিল দিল্লীয়ে ।

ছালিছি ন্যায়ালয়ৰ সেই নিৰ্দেশ অনুযায়ী ভাৰত চৰকাৰক তেওঁলোকৰ প্ৰাপ্য অৰ্থ পূৰণ কৰিবৰ বাবে বাৰে বাৰে সকীয়নি দি আছিল কেয়াৰ্নে । লগতে তেল সংস্থাটোৱে জনাইছিল, তেওঁলোকৰ বকেয়া অৰ্থ পূৰণ নকৰিলে বিদেশত ভাৰতীয় সম্পত্তি বাজেয়াপ্ত কৰি বিক্ৰী কৰা হ’ব । সেই উদ্দেশ্যেৰে ভাৰত চৰকাৰৰ কিছু সম্পত্তিও চিহ্নিত কৰাৰ কাম আৰম্ভ কৰে তেওঁলোকে ।

ইয়াৰ পাছতেই ছালিছি ন্যায়ালয়ৰ মান্যতা বিচাৰি আমেৰিকা, ব্ৰিটেইন, কানাডা, ফ্ৰান্স, ছিংগাপুৰ, নেদাৰলেণ্ডসহ আৰু তিনিখন দেশত গোচৰ ৰুজু কৰে কেয়াৰ্নে । ছালিছি ন্যায়ালয়ৰ নিৰ্দেশ স্বত্বেও ভাৰত চৰকাৰে সেই বকেয়া অৰ্থ পূৰণ কৰিবলৈ ব্যৰ্থ হোৱাৰ বাবে, এইবাৰ ফ্ৰান্সৰ আদালতৰ নিৰ্দেশমৰ্মে ফ্ৰান্সত থকা ভাৰত চৰকাৰৰ সম্পত্তি জব্দ কৰে কেয়াৰ্নে ।

Exit mobile version