বিবাহ অনুষ্ঠানত বাচন ধুলে অভ্যাগত‌ই

ক‌ইনাই পুনৰ বিয়ালৈ আমন্ত্ৰণ কৰাত আতংকিত মহিলা

1625379232 wedding

কোনো বিবাহ অনুষ্ঠানত আমন্ত্ৰণ পোৱা মানেই পেট পূৰাই খোৱা-বোৱা আৰু আনন্দ-স্ফূৰ্তি । অথচ আমেৰিকাত একাংশ লোকে বিবাহৰ অভ্যৰ্থনালৈ গৈ খাবলৈ পোৱাৰ বিপৰীতে বাচন ধুবলৈ বাধ্য হোৱাৰ এক ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে । তিনি বছৰৰ আগৰ সেই অভিজ্ঞতা সম্প্ৰতি সামাজিক মাধ্যমত সদৰী কৰিলে এগৰাকী ভুক্তভোগী মহিলাই ।

ক’ত বা কাৰ বিয়াত এনে অভিজ্ঞতা হৈছিল, সেই কথা অৱশ্যে মহিলাগৰাকীয়ে সদৰী কৰা নাই । অৱশ্যে মহিলাগৰাকীয়ে দাবী কৰিছে যে বিবাহ অনুষ্ঠানৰ আয়োজনত দৰা-কইনাৰ পৰিয়ালে ইমানেই খৰচ কৰিলে যে আমন্ত্ৰিত সকলো অতিথিৰ বাবে তেওঁলোকে পৰ্যাপ্ত খাদ্য-সম্ভাৰৰ বন্দোবস্ত পৰ্যন্ত কৰিব নোৱাৰিলে । আনকি ন-ক‌ইনাৰ বাবে ডিজাইনাৰৰ বিবাহৰ পোছাক ক্ৰয় কৰোতেই তেওঁলোকৰ পকেট উদং হৈছিল । ফলত বিবাহ অনুষ্ঠানত প্ৰথমে যিসকল অভ্যাগত উপস্থিত হৈছিল, তেওঁলোকৰ ভাগ্যতহে মিলিছিল খাদ্য ।

উক্ত মহিলাৰ লগতে তেওঁৰ পুৰুষ বন্ধুজনে খাদ্য নাপায় খালী প্লেট হাতত লৈ উভতিবলগীয়া হয় । কিয় এনে হ’ল, সেয়া জানিবলৈ তেওঁলোকে ক‌ইনাৰ মাতৃৰ কাষলৈ গৈছিল । তেতিয়াই ক‌‌ইনাৰ একাংশ সংগীয়ে মহিলাগৰাকীসহ ১০ জনক ৰান্ধনিশাললৈ লৈ যায় । তাত অসংখ্য অপৰিষ্কাৰ বাচন দ’ম কৰি থোৱা আছিল । সকলোবোৰ বাচন সেই অভ্যাগতসকলে ধুবলগীয়া হয় ।

অৱশ্যে কিয় বাচন ধুবলগীয়া হ’ল, তাৰ আচল কাৰণটো মহিলাগৰাকীয়ে সদৰী কৰা নাই । তেওঁ দাবী কৰে যে, এক তৃতীয়াংশ অতিথিৰ বাবে খাদ্যৰ যোগাৰ আছিল । বাকীসকলে খালী পেটেৰে উভতি আহিবলগীয়া হয় । যিসকলে খাবলৈ পাইছিল, তেওঁলোকৰ অপৰিষ্কাৰ বাচনেই ধুবলৈ বাধ্য হৈছিল বহু অতিথিয়ে ।

উল্লেখ্য যে তিনি বছৰৰ পাছত সেই দম্পত্তীৰ বিচ্ছেদ হয় আৰু পুনৰ বিয়াত বহাৰ সিদ্ধান্ত লয় সেই ক‌ইনাই । এই বিয়ালৈকো উক্ত ভুক্তভোগী মহিলাগৰাকীক আমন্ত্ৰণ জনোৱা হৈছিল । কিন্তু আগৰ বিয়াৰ অভিজ্ঞতাৰ স্মৃতি ৰোমন্থন কৰি মহিলাগৰাকী ইমানেই আতংকিত হৈ পৰিছিল যে এইবাৰ তেওঁ বিয়া ঘৰত ভৰি পৰ্যন্ত নিদিলে । সেই কথাই সম্প্ৰতি সামাজিক মাধ্যমত সদৰী কৰিছে মহিলাগৰাকীয়ে ।

Exit mobile version