শালবাৰী ক্ৰীড়া প্ৰকল্পৰ বিধ্বস্ত ৰূপ

চৰকাৰী কৰ্তৃপক্ষৰ গুৰুত্বহীনতাৰ বাবে ধ্বংসৰ গৰাহত পাঁচ কোটি টকীয়া প্ৰকল্পটো

অসম চৰকাৰৰ তথা বিটিচি চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ জৰিয়তে বৃহত্তৰ শালবাৰী অঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰখনৰ অধিক উন্নয়নৰ বাবে, যুৱ প্ৰজন্মৰ খেলুৱৈ উৎপাদনৰ লক্ষ্যৰে বিটিচিত বহু গুৰুত্বপূৰ্ণ আঁচনি প্ৰৱৰ্তন কৰিছিল যদিও বাস্তৱত এই এই আচঁনিসমূহ বিফল হোৱা দেখা গৈছে ।

তেনেদৰে ভৱানীপুৰ সমষ্টিৰ (বিটিচি এলেকাধীন) শালবাৰী মহকুমা সদৰৰ গাতে লাগি থকা ক্ৰীড়া প্ৰকল্পটোৰো নিৰ্মাণ কাৰ্য সম্পন্ন হোৱাৰ কম দিনৰ ভিতৰতে বিধ্বস্ত-পৰিত্যক্ত ৰূপ লোৱাটোয়েই উদঙাই দিছে, বিটিচিত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ আঁচনি ৰূপায়নত বিফলতাৰ স্বৰূপ ।

কমলাবাৰীত শালবাৰী মহকুমা কেন্দ্ৰৰ কাষতে প্ৰায় ৪০ বিঘা ভূমিত ২০১৩ বৰ্ষৰ ১৮ মাৰ্চত তদানীন্তন বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে শালবাৰী ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপনেৰে প্ৰকল্পৰ আৰম্ভণি কৰিছিল ।

বিভাগীয় কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে, বিটিচি চৰকাৰৰ ২০১২-১৩ বৰ্ষৰ ২৫০ কৌটি টকীয়া অতিৰিক্ত পেকেজৰ অধীনত পাঁচ কৌটি টকা ব্যয় সাপেক্ষে শালবাৰী ক্ৰীড়া প্ৰকল্পৰ আন্তঃগাঁথনিৰ নিৰ্মাণ‌কাৰ্য সম্পন্ন কৰা হৈছিল । এই নিৰ্মাণকাৰ্যটো গড়কাপ্তানী বিভাগ (গৃহ) বিভাগৰ তত্বাৱধানত হৈছিল । সেইমৰ্মে এখন পেভেলিয়ন, প্ৰশিক্ষকৰ গৃহ, কৰ্মচাৰীৰ গৃহ, জীম হʼল (ব্যায়াম গৃহ), দৰ্শকৰ গেলেৰী, ক্ৰীড়া আৱাসগৃহ, ইণ্ডোৰ ষ্টেডিয়াম, চৌহদৰ পকী বেৰ আদিৰ নিৰ্মাণ কাৰ্য হৈছিল ।

অভিযোগ অনুসৰি নিৰ্মাণ কাৰ্যসমূহ বহু পৰিমাণে আসোৱাহপূৰ্ণ আছিল । তদুপৰি আঁচনি অনুসৰি খেলপথাৰখনৰো উন্নয়ন সঠিকভাৱে নহʼল । ফলত নিৰ্মাণকাৰ্য সম্পন্ন হোৱাৰ তিনি-চাৰি বছৰ পাছতেই পেভেলিয়ন, ক্ৰীড়া আৱাসগৃহকে ধৰি অন্যান্য গৃহবোৰ বিধ্বস্ত ৰূপ লৈছে । সম্প্ৰতি প্ৰকল্পটো পৰিত্যক্ত অৱস্থাত থকাৰ উপৰিও জহি খহি যাবলৈ ধৰিছে ।

বিশেষকৈ ক্ৰীড়া আৱাসগৃহ, পেভেলিয়ন আদিত গৰু ছাগলী, কুকুৰ, সাপ,বেং আদিৰ আশ্ৰ‌য়স্থলী লৈ ৰূপান্তৰিত হৈছে । হাবি-জংঘলে আবৰি ধৰিছে । একেদৰে খেলপথাৰখনো গো চৰণীয়া পথাৰ হৈ পৰিছে । শালবাৰী ক্ৰীড়া প্ৰকল্পত আজিলৈ নহʼল কোনো ক্ৰীড়াৰ প্ৰশিক্ষণ, অনুশীলন । ক্ৰীড়া প্ৰকল্পটো পৰিচালনাৰ বাবে আজিলৈ তাত কোনোধৰণৰ নিযুক্তি নহ’ল ক্ৰীড়া বিভাগৰ কোনো বিষয়া, কৰ্মচাৰী অথবা কোনো ক্ৰীড়া প্ৰশিক্ষকৰ ।

উল্লেখনীয় যে বৃহত্তৰ শালবাৰী অঞ্চলৰ ক্ৰীড়ানুৰাগী, খেলুৱৈ আদিৰে ভৰি আছে যদিও চৰকাৰৰ ক্ৰীড়া বিভাগে বা শালবাৰী ক্ৰীড়া প্ৰকল্পটোৰ জৰিয়তে অঞ্চনটোৰ ক্ৰীড়া ক্ষেত্ৰখনৰ ক্ৰীড়ানুৰাগী, খেলুৱৈক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিফল হোৱা দেখা গৈছে । ক্ৰীড়া প্ৰকল্পটোক উজ্জিবীত কৰি শালবাৰী অঞ্চলৰ ক্ৰীড়াৰ ক্ষেত্ৰখনক আগুৱাই নিয়াৰ বাবে বিটিচিৰ প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগক বিশেষ উদ্যোগ তথা ভূমিকা লোৱাৰ বাবে আহ্বান জনাইছে এবছুৰ শালবাৰী আঞ্চলিক সমিতিৰ লগতে ক্ৰীড়ানুৰাগী ৰাইজে ।

Exit mobile version