অ’ টি টিত ৱেব ছিৰিজত অভিনয়ৰ বাবদ ১২৫ কোটি টকা ল’লে অজয়ে

actor ajay devgan photo credits shamim ansari 9ff9578c 96df 11e7 bef3 183dfba5e438

কৰ’নাকালত দীর্ঘদিন হৈ বন্ধ হৈ আছে বলিউডৰ চলচ্চিত্র উদ্যোগ। এজনৰ পাছত আন এজন আগশাৰীৰ অভিনেতা-অভিনেত্রীয়ে এতিয়া আত্মপ্রকাশ কৰিছে অভাৰ দ্য টপ (অ’ টি টি) মঞ্চত।

নেটফ্লিক্স, এমেজন প্রাইম, হটষ্টাৰৰ দৰে অ’ টি টি মঞ্চত ইতিমধ্যে ৱেবছিৰিজত বলিউডৰ একাধিক আগশাৰীৰ অভিনেতা-অভিনেত্রীয়ে চুক্তিবদ্ধ হৈছে। হৃত্বিক চেন, অক্ষয় কুমাৰৰ পাছত এইবাৰ অ’ টি টি মঞ্চত প্ৰৱেশ কৰিলে অজয় দেৱগনে।

ব্রিটিছ ৱেব ছিৰিজ লুথেৰৰ হিন্দী সংস্কৰণ ৰুদ্ৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ হ’ল বলিউদৰ এইজন অভিনেতা। প্রকাশিত বাতৰি অনুসৰি এই ৱেব ছিৰিজত অভিনয় বাবদ অজয়ে গ্রহণ কৰিছে ১২৫ কোটি টকাৰ পাৰিশ্ৰমিক।

এই ধাৰবাহিকৰ প্ৰতিটো খণ্ডৰ বিপৰীতে অজয়ে লাভ কৰিব দুই কোটি টকা। চলিত বৰ্ষৰ অন্তিম ভাগত ধাৰাবাহিকখনৰ প্ৰদৰ্শন আৰম্ভ হােৱাৰ কথা। অজয়ৰ লগতে এশা দেউলেও ধাৰাবাহিকখনত অভিনয় কৰিব।

Exit mobile version