আইচিইউ শয্যা-দৰবৰ বাবে ৰাজ্যলৈ আগবঢ়াব আঠ হেজাৰ কোটি

নতুন কেবিনেটৰ বৈঠকত ক’ভিডৰ বাবে ২৩ হেজাৰ কোটি টকাৰ মঞ্জুৰি

mansukh 1625674839646 1625679515041

প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে বুধবাৰে ব্যাপক সালসলনিৰে গঠন কৰা নতুন কেবিনেটৰ কালি অনুষ্ঠিত প্রথমখন বৈঠকত কৰ’নাৰ মােকাবিলা কৰিবলৈ ২৩,১২৩ কোটিৰ জৰুৰীকালীন সঁহাৰি পেকেজ ঘােষণা কৰা হয়।

এই পেকেজে দেশজুৰি ৭৩৬খন জিলাত ২০ হেজাৰ নতুন আই চি ইউ বিছনা স্থাপনৰ লগতে দৰব আদি মজুত কৰিবলৈ সহায় কৰিব বুলি প্ৰকাশ কৰে নৱনিযুক্ত কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডভিয়াই ।

২৩ হেজাৰ কোটিৰ ভিতৰত ১৫ হেজাৰ কোটি ব্যয় কৰিব কেন্দ্রই আৰু আঠ হেজাৰ কোটি টকা ৰাজ্যসমূহক আবণ্টন দিয়া হ’ব বুলি তেওঁ কয়।আগন্তুক নমাহত পৰিকল্পনাসমূহ ৰূপায়ণ কৰা হ’ব বুলি স্বাস্থ্যমন্ত্রীজনে কেবিনেট বৈঠকৰ পাছত সদৰী কৰে।

উল্লেখ্য যে বুধবাৰে সদ্যপ্রাক্তন কেন্দ্রীয় স্বাস্থ্য মন্ত্রী ডাঃ হর্ষবর্ধনে পদত্যাগ কৰাৰ কিছু ঘণ্টাৰ পাছত মাণ্ডভিয়াই দায়িত্ব লাভ কৰে। সূত্রত প্রকাশ যে কৰ’না সংক্ৰমণৰ দ্বিতীয় টৌৰ স’তে মােকাবিলা কৰিবলৈ গৈ হাবাথুৰি খােৱা বিজেপি চৰকাৰৰ ৰাজনৈতিক মূল্য ভৰিব লগা হ’ল হর্ষবর্ধনে।

চিকিৎসক হৈও হর্ষবর্ধনে ক’ভিড সংক্ৰমণৰ সময়ত তীব্র সমালােচনাৰ সন্মুখীন হয়। বিশেষকৈ এই সময়ছােৱাত তেওঁৰ কেতবােৰ মন্তব্যই বিষয়টো অধিক জটিল কৰি তােলে। কেন্দ্রই ক’ভিড পৰিস্থিতিক যথােপযুক্ততাৰে মােকাবিলা কৰা বুলিয়ে হর্ষবর্ধনে চৰকাৰৰ স্থিতিক সুৰক্ষা দিছিল যদিও শেষ ৰক্ষা নহ’ল।

তেওঁৰ লগতে বুধবাৰে আন চাৰিজন জ্যেষ্ঠ কেবিনেট মন্ত্রী ক্ৰমে ৰবিশংকৰ প্ৰসাদ, প্রকাশ জাৱৰেকাৰ,ৰমেশ পােখৰিয়াল নিশাংক আৰু সদানন্দ গৌড়াই পদত্যাগ কৰে। মন্ত্রীসভাৰ সালসলনিৰ পূর্বে ১১জন মন্ত্রীয়ে পদ এৰিবলগীয়া হয়।

সূত্রত প্রকাশ যে মাত্র এটা ফোনকলতেই একোজন মন্ত্রীয়ে হেৰুৱালে পদবী। প্রধানমন্ত্রী মােদীয়ে দ্বিতীয় কার্যকালৰ প্রথম মন্ত্রীসভাৰ সালসলনিৰ প্রস্তুতি চলােৱাৰ সমান্তৰালকৈ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা ব্যস্ত হৈছিল ফোনকলত।

তেওঁ ১১টা ফোনকল কৰিবলগীয়া হৈছিল। মন্ত্রীসভাৰ ৰদবদল ঘােষণাৰ সময় চমু চাপি অহাৰ লগে লগে নাড্ডাই ১১জন কেন্দ্রীয় মন্ত্রীক এবাৰকৈ কল কৰে। ইয়াৰ উদ্দেশ্য আছিল তেওঁলােকক পদত্যাগ কৰিবলৈ কোৱা।

এই পদত্যাগৰ লগে লগে তেওঁলােকৰ টুইটাৰৰ শিৰােনামৰ পৰিচয় সলনি হােৱা দেখা যায়। উদাহৰণ স্বৰূপে ৰবিশংকৰ প্ৰসাদৰ তথ্য প্রযুক্তি মন্ত্রীৰ সলনি বিহাৰৰ পাটনা চাহেব সমষ্টিৰ লােকসভাৰ সাংসদ বুলি লিখা হয়।একেদৰে জাৱৰেকাৰৰ প্ৰফাইল ৰাজ্যসভাৰ সাংসদলৈ সলনি হয়।

মাত্র কিছু সময়ৰ ভিতৰতে এইদৰে মন্ত্রিত্বৰ পৰা সাংসদলৈ বাস্তৱ আৰু ভাচুৱেল দুই জগততে সলনি হৈছিল তেওঁলােকৰ পৰিচয়। প্রধানমন্ত্রী মােদীৰ নতুন কেবিনেটৰ আকাৰ বৃহৎ শক্তিশালী আৰু তৰুণ মুখেৰে ভৰা বুলি কোৱা হৈছে।

Exit mobile version