কেৱল বালিৰে নির্মাণ কৰিলে ২১ মিটাৰ উচ্চতাৰ অট্টালিকা

পাঁচ হেজাৰ টন বালিৰে চমক নেদাৰলেণ্ডৰ বলুকা শিল্পীৰ

Screenshot 50

নদী বা সাগৰৰ পাৰত বহি বালিৰে ঘৰ সাজিবলৈ বহুতেই পছন্দ কৰে। এইদৰে বালিৰ ঘৰ সাজি বহুতেই কিছু সময় আনন্দেৰে কটায়। বহুতে আকৌ বলুকা শিল্পীৰূপেও দৃষ্টি আকর্ষণ কৰে।

সাগৰৰ বালিৰে প্ৰায়েই অতি দৃষ্টিনন্দন ভাস্কর্য সৃষ্টি কৰি ইতিমধ্যে বিশ্বব্যাপী খ্যাতি অর্জন কৰিছে ওড়িছাৰ বলুকা শিল্পী সুদর্শন পাটনায়কে। শেহতীয়াকৈ ডেনমার্কত বালিৰে এটা সু-উচ্চ অট্টালিকা নির্মাণ কৰি বিশ্ববাসীক চমক দিলে নেদাৰলেণ্ডৰ এজন বলুকা শিল্পীয়ে।

পাঁচ হেজাৰ টন বালিৰে নিৰ্মাণ কৰা এই বলুকা অট্টালিকাটোৱেই সম্প্রতি বিশ্বৰ সবাতােকৈ ওখ। ২০১৯ত জার্মানীত নির্মাণ কৰা এটা বালিৰ অট্টালিকাই ইমানদিনে বিশ্বৰ সবাতােকৈ ওখ বলুকা অট্টালিকা আছিল। সম্প্রতি ডেনমার্কৰ ব্ল’খুছ চহৰত নির্মিত নতুন বলুকা অট্টালিকাটোৱে নতুন অভিলেখ সৃষ্টি কৰিলে।

এক আন্তর্জাতিক সংবাদ মাধ্যমে প্রকাশ কৰিছে যে নেদাৰলেণ্ডৰ উইলফ্রেড ষ্টিগাৰ নামৰ এজৱ বলুকা শিল্পীয়ে এই ওখ বালিৰ অট্টালিকাটো নির্মাণ কৰিছে। অৱশ্যে ষ্টিগাৰক এই কার্যত সহায় কৰিছে আন ৩০জন বলুকা শিল্পীয়ে।

২১.১৬ মিটাৰ উচ্চতাৰ এই বালিৰ অট্টালিকাটো ২০১৯ত জার্মানীত নির্মিত বালিৰ অট্টালিকাতকৈ প্রায় তিনি গুণ ওখ। অট্টালিকাটো দেখিবলৈ প্রায় পিৰামিডৰ লেখীয়া। স্থানীয় লােকসকলে এই বালিৰ অট্টালিকা দেখি অত্যন্ত আনন্দিত হৈ পৰিছে।

অৱশ্যে ষ্টিগাৰে নির্মাণ কৰা বলুকা অট্টালিকাৰ আন এক বৈশিষ্ট্যও আছে। সেয়া হৈছে। বালিৰ অট্টালিকাৰ মূধচত আছে। কৰ’না ভাইৰাছৰ এটা প্রতিকৃতি। এই প্রতিকৃতিয়েও অনেকৰ দৃষ্টি আকর্ষণ কৰিছে। যােৱা বছৰৰ পৰা কৰ’না ভাইৰাছে সমগ্র বিশ্বতে যিদৰে ত্ৰাসৰ সঞ্চাৰ কৰিছে, সেয়া বুজোৱাৰ বাবেই ষ্টিগাৰে এই অট্টালিকাটো নির্মাণ কৰিছে।

সেইবাবেই মূধচত কৰ’না ভাইৰাছৰ প্রতিকৃতি ৰখা বুলি তেওঁ সদৰী কৰে। এই সন্দৰ্ভত এক সাক্ষাৎকাৰত ষ্টিগাৰে কয়, ‘কৰ’নাই সর্বত্রে আমাৰ জীৱন অতিষ্ঠ কৰি তুলিছে। এই ভাইৰাছেই কৈ দিছে যে আমি পৰিয়ালৰ পৰা দূৰত থাকিব লাগিব। ভাল ভাল স্থানলৈ যাব নােৱাৰিম।

কোনাে কাম কৰিব পৰা নাযাব। সকলাে সময় ঘৰতে থাকিব লাগিব। অৱশ্যে এই বলুকা অট্টালিকা কেৱল বালিৰে নহয় ।ইয়াত মিশ্রণ কৰা হৈছে ১০ শতাংশ ৰঙামাটি আৰু আঠা। যাতে।শীতৰ সত্ৰতাে ই অটুট থাকে। আগন্তুক ফেব্ৰুৱাৰী-মার্চ পর্যন্ত এই অট্টালিকাটো এইদৰেই থাকিব বুলি আশা কৰা হৈছে।

Exit mobile version