বিগত এবছৰত বিশ্বত আকালৰ সন্মুখীন হােৱা লােকৰ সংখ্যা প্রায় ছগুণ বৃদ্ধি পালে

বিশ্বত প্রতি মিনিটত অনাহাৰত মৃত্যু ১১ জন

hunger

বিশ্বৰ বিভিন্ন দেশ বর্তমানেও চৰম খাদ্য সংকটত ভুগি আহিছে আৰু এই বিশ্বত আহাৰৰ অভাৱত মৃত্যু হােৱা লােকৰ সংখ্যাও বৃদ্ধি পাই আহিছে।

দাৰিদ্র নির্মূলকৰণৰ বাবে কাম কৰি অহা আন্তর্জাতিক সংস্থা অক্সফেমৰ তথ্য অনুসৰি, সাম্প্রতিক বিশ্বত অনাহাৰৰ ফলত প্রতি মিনিটত ১১ জনকৈ লােকৰ মৃত্যু হৈছে।

বিগত এবছৰত সমগ্র বিশ্বত আকালৰ দৰে সমস্যাৰ সন্মুখীন হােৱা লােকৰ সংখ্যা প্রায় ছগুণ বৃদ্ধি পালে বুলি আন্তর্জাতিক সংস্থাটোৰ শেহতীয়া প্রতিবেদনত উল্লেখ কৰিছে।

‘দ্য হাংগাৰ ভাইৰাছ মাল্টিপ্লাইজ’ শীর্ষক অক্সফেমৰ প্রতিবেদনত উল্লেখ কৰা মতে, বিশ্বত অনাহাৰত মৃত্যু হােৱা লােকৰ সংখ্যা ক’ভিড-১৯ত মৃতকৰ সংখ্যাতকৈ অধিক হৈছে।

ক’ভিড-১৯ৰ সংক্ৰমণৰ ফলত গড় হিচাপে বিশ্বত প্রতি এক মিনিটত সাতজন লােকৰ প্রাণহানি হৈছে। কিন্তু ক্ষুধা আৰু অনাহাৰৰ ফলত এই বিশ্বত প্রতি এক মিনিটত ১১ জন লােকৰ মৃত্যু হৈছে।

একেটা প্রতিবেদনত উল্লেখ কৰা অনুসৰি, বিশ্বত প্রায় ১৫.৫ কোটি লােক খাদ্য সুৰক্ষাৰ অভাৱত ভয়াৱহ সংকটৰ সন্মুখীন হৈছে আৰু এই পৰিসংখ্যা যােৱা বছৰৰ তুলনাত দুই কোটি অধিক হৈছে।

সাম্প্রতিক বিশ্বত ক’ভিড-১৯ৰ প্ৰভাৱ, সংঘর্ষ, জলবায়ু সংকটৰ ফলত ৫,২০,০০০ ৰাে অধিক লােক ক্ষুধাত আক্ৰান্ত হৈছে বুলিও অক্সফেমে দাবী কৰিছে।

Exit mobile version