ভাৰতত জাল পাতিছে চীনা হেকাৰে, ষ্টেট বেংকে গ্রাহকক কৰিলে সতর্ক

bigstock Side View Of Hacker Using Comp 253465240

চীনা হেকাৰৰ দপনিত বিপদৰ মুখত পৰিছে ভাৰতীয় ষ্টেট বেংক (এছ বি আই)ৰ গ্ৰাহকসকলে। চাইবাৰ নিৰাপত্তা গৱেষকে প্রকাশ কৰা অনুসৰি চীনৰ হেকাৰে সম্প্রতি এছ বি আইৰ গ্ৰাহকক প্ৰতাৰণা কৰিবলৈ জাল পাতিছে।

গ্রাহকসকল সামান্য অসতর্ক হলে চীনা হেকাৰৰ এই জালত আবদ্ধ হােৱাৰ শংকা আছে। এছ বি আয়ে গ্রাহকসকলক এই কথা অৱগত কৰি কয় যে হেকাৰে গ্রাহকলৈ বেংকৰ জৰুৰী ‘কে ৱাই চি’ আপডেট কৰাৰ নামত স্মার্টফোনলৈ এটা ৱেবছাইটৰ লিংক প্ৰেৰণ কৰে আৰু হােৱাটছএপতাে বার্তা প্ৰেৰণৰে ৫০ হেজাৰ টকাৰ পুৰস্কাৰ জয়ৰ প্রলােভন দি আহিছে।

এনেবােৰ লিংক বেংকৰ একাউন্টধাৰকে ক্লিক কৰিলে মুহূর্ততে একাউণ্টৰ পৰা ধন নােহােৱা হয়। চাইবাৰ হেকাৰে এইদৰে বেংক গ্রাহকৰ ধন জালিয়াতিৰে উলিয়াই নিয়ে। ইতিমধ্যে এছ বি আইৰ একাংশ গ্রাহক চীনা হেকাৰৰ এনে জালত পৰি সর্বস্বান্ত হৈছে।

এছ বি আয়ে এই ক্ষেত্ৰত সকলাে গ্রাহকক সতর্ক হ’বলৈ পুনৰ পৰামর্শ দিলে। ‘কে ৱাই চি’ আপডেটৰ বাবে কেৱল নিজৰ বেংকৰ শাখাতহে গ্রাহকক যােগাযােগ কৰিবলৈকো এছ বি আয়ে পৰামর্শ দিছে।

ম’বাইল ফোনলৈ অহা কোনাে লিংক ক্লিক কৰাৰ পৰা গ্ৰাহকক বিৰত থাকিবলৈ সকীয়াই দিলে দেশৰ সর্ববৃহৎ বেংক প্রতিষ্ঠানটোৱে । অন্যথা, গ্রাহকসকল বিত্তীয় প্ৰৱঞ্চনাৰ বলি হ’ব পাৰে।

Exit mobile version