১২-১৮ বছৰীয়া লােকসকলে কেতিয়া দেশত প্রতিষেধক লাভ কৰিব ?

image

বর্তমানে ভাৰতত ১৮ বছৰ ঊর্ধ্বৰ লােকসকলক চৰকাৰে ক’ভিড প্রতিষেধক প্রদান কৰিছে। কিন্তু ক’ভিডৰ সম্ভাৱ তৃতীয় টৌৰ পূর্বে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দেশৰ ১২-১৮ বছৰ বয়সীয়া লােকসকলকো প্রতিষেধক দিব বিচাৰিছে।

কিন্তু কেতিয়াকৈ এই বয়সৰ নাগৰিকসকলে ক’ভিড টিকা লাভ কৰিব। ভাৰতত অহা ছেপ্টেম্বৰৰ পৰা এই কাৰ্যসূচী আৰম্ভ হােৱাৰ সম্ভাৱনা আছে।

ৰাষ্ট্ৰীয় প্রতিষেধক বিশেষজ্ঞ দলৰ মুৰব্বী ডাঃ এন কে অৰােৰাই শুকুৰবাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে। সূত্রৰ খবৰ অনুসৰি, প্রথমতে জৰুৰী ভিত্তিত ১২-১৮ বছৰ বয়সীয়া লােকসকলক জাইডাছ কেডিলাৰ প্রতিষেধক প্রদান কৰা হ’ব।

ইতিমধ্যে জাইডাছ কেডিলাই তেওঁলােকৰ প্ৰতিষেধক জৰুৰী ভিত্তিত ভাৰতত ব্যৱহাৰৰ বাবে ডি চি জি আইৰ পৰা অনুমােদন বিচাৰিছে।

Exit mobile version