৪৮ লাখলৈ উঠিল ফাইনেলৰ টিকটৰ দাম, ইউৰ’ৰ খিতাপ জয়ৰ যুঁজত ইংলেণ্ড-ইটালী

1623402882 4852

বিশ্বকাপত এবাৰ খিতাপ জয়ৰ সােৱাদ পালেও ১৯৬৬ৰ পাছত কোনাে বৃহৎ প্রতিযােগিতাত জয়ী হ’ব পৰা নাই ইংলণ্ড। আনকি ইউৰােপৰ শ্ৰেষ্ঠ প্রতিযােগিতা ইউৰ’ কাপতাে ইংলণ্ডে এই পর্যন্ত খিতাপ জয় কৰিব পৰা নাই। বিগত কে’বা দশকত ইংলণ্ডে সম্ভাৱনাৰ সৃষ্টি কৰিও শীর্ষ ফুটবল প্রতিযােগিতাসমূহৰ ফাইনেলত প্ৰৱেশৰ সুযােগেই লাভ কৰিবলৈ সক্ষম হােৱা নাছিল।

অৱশেষত সেই অভাৱ পূৰণ কৰি হেৰী কেন, ৰহিম ষ্টার্লিং আদিৰ দলটোৱে চলিত ইউ’ কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। অহা দেওবাৰে ইংলণ্ডৰে ৱেম্বলি খেলপথাৰত দলটোৱে ইটালীৰ বিপক্ষে ফাইনেল খেলিব। দীর্ঘকালৰ পাছত ইংলণ্ডে কোনাে শীর্ষ প্রতিযােগিতাৰ ফাইনেল খেলিব, তাতে খেলখন হ’ব ঘৰুৱা খেলপথাৰত।

ইয়াৰ উপৰি ষ্টেডিয়ামত প্রৱেশ কৰিব পাৰিব দর্শকে। গতিকে উন্মাদনাৰ অন্ত নপৰা হৈছে ইংলণ্ডৰ সমর্থকৰ। ফলত ফাইনেলত টিকটৰ মূল্য হৈ পৰিছে আকাশলংঘী। অহা দেওবাৰে অনুষ্ঠিত হ’বলগীয়া ফাইনেলখন উপভােগৰ বাবে ৬৭ হেজাৰ পাঁচশ দর্শক ষ্টেডিয়ামত থাকিব; কিন্তু ষ্টেডিয়ামত বহি খেলখন উপভােগ কৰাৰ বাবে বহু সমর্থকে ব্যয় কৰিবলগীয়া হৈছে ভাৰতীয় মুদ্রাত প্রায় ৪৮ লাখ টকা পর্যন্ত।

তৎসত্ত্বেও এনে বিপুল পৰিমাণৰ ধন ব্যয় কৰিবলৈকো সন্মত হৈছে একাংশ ইংৰাজ সমর্থক। যাৰ বাবে সম্প্রতি ইণ্টাৰনেটৰ মাধ্যমত ফাইনেলখনৰ ভুৱা টিকটো ক্ৰয় কৰিছে বহুতে। উল্লেখ্য যে ছেমিফাইনেলত ইংলণ্ডে উজ্জীৱিত ডেনমার্কক পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ পাছতে ইংৰাজ সমর্থকৰ মাজত খেলপথাৰত বহি জাতীয় দলৰ ঐতিহাসিক বিজয়ৰ সাক্ষী হৈ থকাৰ উন্মাদনা বৃদ্ধি পায়।

যাৰ ফলতে দ্রুতগতিৰে আকাশলংঘী হৈ পৰে ফাইনেলৰ একোটা টিকটৰ মূল্য। টিকটৰ মূল্য বৃদ্ধি হােৱাৰ প্ৰধান কাৰণটো হৈছে ইউৰ’ কাপ আয়ােজক উৱেফাৰ ৱেবছাইটত থকা ফাইনেলৰ সকলাে টিকট যােৱা সপ্তাহতে বিক্ৰী হৈ গৈছিল। ফলত ইংলণ্ড ফাইনেলত উপনীত হােৱাৰ পাছত ফাইনেলৰ টিকট বিচৰা লােকে উৱেফাৰ ৱেবছাইটত টিকট নাপালে।

আন কোনাে স্থানত টিকট বিক্ৰী কৰা হােৱা নাছিল। এনে অৱস্থাত সন্ধান ওলাল নিজৰ টিকট বিক্ৰী কৰিবলৈ ইচ্ছুক হােৱা একাংশ লােকৰ। তেওঁলােকে ইণ্টাৰনেটৰ মাধ্যমতে নিজে আগতে ক্ৰয় কৰি ৰখা টিকটবােৰ বিক্ৰী কৰিব খুজিছে। ইয়াৰে কিছু টিকটৰ মূল্য আছিল ২৬ হেজাৰ টকা। টিকট বিচৰা মানুহৰ সংখ্যা ইমানেই বৃদ্ধি পালে যে সেইবােৰ টিকটৰে দাম উঠিল প্রায় ৪৮ লাখ টকালৈ।

লাইভ ফুটবল নামৰ এটা ৱেবছাইটত ফাইনেলৰ টিকটৰ মূল্য দেখা গল ৩৭ লাখ ৩১ হেজাৰ টকা। অৱশ্যে বহু সংখ্যক ভুৱা টিকটো এইদৰে বিক্ৰী হােৱা বুলি উৱেফাই সন্দেহ কৰিছে। সেয়ে ইণ্টাৰনেটৰ মাধ্যমেৰে ক্ৰয় কৰা টিকটৰ ওপৰত ইউৰােপ ফুটবলৰ অভিভাৱক সংস্থাটোৱে তীক্ষ দৃষ্টি ৰাখিছে।

নকল টিকট ক্রয় কৰা সমর্থকে বিপুল পৰিমাণৰ ধন ব্যয় কৰা সত্ত্বেও খেল চাবলৈ ষ্টেডিয়ামত প্ৰৱেশ কৰিব নােৱাৰিব। টুইটাৰত এজন লােকে ইতিমধ্যে সদৰী কৰিছে যে তেওঁ ২৮ লাখ ২৫ হেজাৰ টকা ব্যয় কৰি এটা নকল টিকটহে লাভ কৰিলে। উল্লেখ্য যে ৱেম্বলিৰ ষ্টেডিয়ামত ৯০ হেজাৰ দর্শক বহাৰ সুবিধা আছে।

অৱশ্যে ক’ভিড-১৯ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ৬৭ হেজাৰ পাঁচশ দর্শকক প্রৱেশ কৰাৰহে অনুমতি দিয়া হৈছে।
দেওবাৰে ৱেম্বলি ষ্টেডিয়ামতে অনুষ্ঠিত হ’ব ইংলণ্ড আৰু ইটালীৰ ফাইনেল। দুয়ােটা দলেই দীর্ঘকাল ধৰি কোনাে বৃহৎ প্রতিযােগিতাত খিতাপ জয় কৰিব পৰা নাই।

ইংলণ্ডে ১৯৬৬ত নিজৰ একমাত্র বিশ্বকাপ জয় কৰিছিল। আনহাতে, ইটালীয়ে ২০০৬ত চতুর্থবাৰলৈ বিশ্বকাপ জয় কৰিছিল। ২০১৪ আৰু ২০১৮ বিশ্বকাপ আৰু ২০১৬ৰ ইউৰ’ কাপত ইটালী দল চূড়ান্তভাৱে ব্যৰ্থ হৈছিল। অৱশ্যে ২০১৮ৰ পৰা দলটোৱে পূৰ্বৰ ৰক্ষণশীল শৈলীক জলাঞ্জলি দি আগ্রাসী মানসিকতাৰে খেলি অপ্রতিৰােধ্য হৈ আছে।

তেতিয়াৰে পৰা দলটো প্রায় ৩৫খন খেলত অপৰাজিত হৈ আছে। ইয়াৰ বিপৰীতে শেহতীয়া একাধিক প্রতিযােগিতাত আশাৰ সঞ্চাৰ কৰি মূৰকত ব্যর্থ হৈছে ইংলণ্ড। ২০১৮ বিশ্বকাপত ইংলণ্ডক অন্যতম সম্ভাৱনাময় দলৰ তালিকাত ৰখা হৈছিল যদিও দলটোৱে প্ৰতিযােগিতাৰ মাজভাগৰ পৰাই বিদায় লয়।

এইবাৰ ইংলণ্ডৰ অধিনায়ক হেৰী কেন আৰু তাৰকা স্ট্রাইকাৰ ৰহিম ষ্টার্লিঙে দুৰন্ত ফর্ম প্রদর্শন কৰিছে। এই পর্যন্ত কেনে চাৰিটা আৰু ষ্টার্লিঙে তিনিটা গ’ল দিছে। আনহাতে, নতুন আক্রমণাত্মক শৈলীৰ খেলেৰে দৰ্শকক আচৰিত কৰি তােলা ইটালীৰ প্রধান শক্তি হৈছে দলীয় সংহতি।

কোনাে দুই-এজন খেলুৱৈৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱর্তে দলটোৰ প্রায় প্রতিজন খেলুৱৈয়ে দলৰ বিজয়ত অৰিহণা যােগাইছে। যাৰ বাবে প্রায় প্রতিখন খেলতে ইটালীৰ ভিন্ন গলদাতা দেখা গৈছে। ইয়াৰ মাজতাে অৱশ্যে ইনছাইন, চিৰ’ ইম’বিল আদিয়ে ব্যক্তিগত নৈপুন্যৰে দৰ্শকক মুগ্ধ কৰিছে।

Exit mobile version