আভ্যন্তৰীণ সংঘাত কুকি উগ্ৰপন্থী সংগঠন ইউপিআৰএফৰ

সতীৰ্থৰ গুলীতে নিহত স্বয়ম্ভু সেনাধ্যক্ষ বীৰাপ্পান

squareart 2

আজি পুৱতি নিশা নিজ সতীৰ্থৰ গুলীতে নিহত হয় কুকি উগ্ৰপন্থী সংগঠন ইউনাইটেড পিপলছ ৰিভলিউচনাৰী ফ্ৰণ্ট চমুকৈ ইউপিআৰএফৰ স্বয়ম্ভূ মুখ্য সেনাধ্যক্ষ মানগীণ খলহও ওৰফে বীৰাপ্পান ৷ স্বয়ম্ভূ সেনাধ্যক্ষ বীৰাপ্পান ডিলাই থানাৰ অন্তৰ্গত ত্লাংনম অঞ্চলৰ বুলি জানিব পৰা গৈছে ৷ বোকাজান থানাৰ অন্তৰ্গত টক’লাংছৰ পৰা প্ৰায় পোন্ধৰ কি:মি:দূৰৰ খেংপিবুং নামৰ দূৰ্গম অঞ্চলত সতীৰ্থই সেনাধ্যক্ষগৰাকীক হত্যা কৰে ৷

উল্লেখযোগ্য যে বিগত সময়ছোৱাত কুকি উগ্ৰপন্থী গোটটোৰ মাজত আভ্যন্তৰীণ সংঘাত সৃষ্টি হোৱা পৰিলক্ষিত হৈ আহিছে ৷ ২০২০ বৰ্ষত কাৰ্বি আংলংৰ বনভোজস্থলী টক’লাংছত সংগঠনটোৰ অধ্যক্ষ মাৰ্টিন গুইটেই একাংশ সদস্যসহ অত্যাধুনিক অস্ত্ৰৰে মুক্ত বিচৰণ কৰাৰ পাছতেই আৰক্ষীৰ তীব্ৰ অভিযানত সেই বৰ্ষৰেই অক্টোবৰ মাহত আৰক্ষীৰ গুলীত নিহত হৈছিল মাৰ্টিন গুইটে ৷ ইয়াৰ পৰৱৰ্তী সময়ত কেবজনো সদস্য আৰক্ষীৰ অভিযানত নিহত হোৱাৰ পাছতেই সংগঠনটোৰ মাজত আভ্যন্তৰীণ সংঘাত তীব্ৰ হৈ উঠে ৷ এই সংঘাতৰ পৰিণতিতেই আজি নিজ সতীৰ্থৰ গুলীতেই প্ৰাণ যায় স্বয়ম্ভূ মুখ্য সেনাধ্যক্ষ বীৰাপ্পানৰ ৷

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি বোকাজান সামূহিক চিকিৎসা কেন্দ্ৰলৈ আনে যদিও ঘটনাস্থলীতে মৃত্যু হোৱা বীৰাপ্পানক মৰোণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰিছে ৷

Exit mobile version