ইউৰ’ৰ ফাইনেল পৰিচালনা কৰিব সবাতােকৈ ধনী ৰেফাৰীয়ে

1625927625 541936 1625928062 noticia normal recorte1

আজি ভাৰতীয় সময় অনুসৰি নিশা ১২-৩০ বজাৰ পৰা আৰম্ভ হ’ব ইউৰ’ কাপৰ ফুটবলৰ ফাইনেল। ঘৰৰ মাটিত প্ৰথমবাৰলৈ এই সন্মানীয় প্রতিযােগিতাৰ খিতাপ জয়ৰ সুযােগ পাইছে। ইংলণ্ড দলে।

অৱশ্যে ছেমিফাইনেলত ৰেফাৰীয়ে ইংলণ্ডক ডেনমার্কৰ বিপক্ষে পেনাল্টি ‘উপহাৰ দিয়া বুলি ইতিমধ্যেই এক বিতর্ক সৃষ্টি হৈছে। এনে সময়তে ইংলণ্ড আৰু ইটালীৰ মাজৰ ফাইনেলখন পৰিচালনা কৰিবলগীয়া ৰেফাৰীজনেও বিশেষ চর্চা লাভ কৰিছে।

অৱশ্যে আন এক কাৰণতহে সম্প্রতি চৰ্চিত হৈছে নেদাৰলেণ্ডৰ ৰেফাৰী বিয়র্ণ কুপাৰ্ছ। প্রচুৰ ডাঙৰ মেচৰ অভিজ্ঞতালব্ধ কুপাছৰ আন এক বিশেষত্ব হৈছে, তেওঁ হ’ল বিশ্বৰ সবাতােকৈ ধনী ৰেফাৰী।

ফুটবল মেচৰ সমান্তৰালকৈ কুপাছে পৰিচালনা কৰি আহিছে বৃহৎ ব্যৱসায়। ২০১৬তে এই ডাচ্চ ৰেফাৰীজনৰ ব্যক্তিগত সম্পত্তিৰ পৰিমাণ আছিল ১১.৫ নিযুত পাউণ্ড। তেওঁ হৈছে নেদাৰলেণ্ড আৰু বেলজিয়ামত বহুল পৰিচিত জাম্বাে কুপার্ঘ নামৰ ছুপাৰ মার্কেট শৃংখলৰ সহ প্রতিষ্ঠাপক।

নিজমেগেন বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্যিক প্রশাসন বিভাগত তেওঁ স্নাতকোত্তৰ ডিগ্রী অর্জন কৰিছিল। ২০১৬ত নেদাৰলেণ্ডত দেশখনৰ শ্ৰেষ্ঠ জাম্বাে ফ্রেঞ্চাইজিৰূপে তেওঁৰ কোম্পানীকে চিহ্নিত কৰা হৈছিল।

৪৮ বছৰীয়া কুপাছে ২০০২ৰ পৰা পেছাদাৰী ৰেফাৰীৰ কেৰিয়াৰ আৰম্ভ কৰে। চলিত ইউৰ’ কাপৰ ডেনমার্ক আৰু চেক গণৰাজ্যৰ কোৱাৰ্টাৰ ফাইনেলখন। কুপাছেই পৰিচালনা কৰিছিল। আনহাতে, তেওঁ ইংলণ্ড আৰু ক্ৰৱেছিয়াৰ মেচত চতুর্থ ৰেফাৰীৰ দায়িত্ব পালন কৰিছিল।

ইউ’ কাপৰ ফাইনেলত তেওঁ প্ৰথমবাৰলৈ খেল পৰিচালনা কৰিব। অৱশ্যে উৱেফাৰ দ্বাৰা আয়ােজিত প্রতিযােগিতাত ৰেফাৰী হােৱাৰ প্ৰচুৰ অভিজ্ঞতা আছে কুপাছৰ।এই পর্যন্ত তেওঁ মুঠ সাতখন উৱেফাৰ দ্বাৰা আয়ােজিত প্রতিযােগিতাৰ ফাইনেল পৰিচালনা কৰিছে। ইয়াৰ ভিতৰত আছে ইউৰােপা লীগৰ দুখন আৰু চেম্পিয়নছ লীগৰ এখন ফাইনেল।

Exit mobile version