একে লগতে কৰ’নাৰ আলফা আৰু বিটা ৰূপত আক্রান্ত হৈ মৃত্যু বেলজিয়ামৰ বৃদ্ধাৰ

a2ff73fa03a74f4c90826ac65c268905 18

বেলজিয়ামত কৰ’নাত আক্ৰান্ত হৈ এগৰাকী ৯০ বছৰীয়া মহিলাৰ মৃত্যু হয়। তেওঁ একেসময়তে কৰ’না আলফা আৰু বিটাৰ ৰূপত আক্ৰান্ত হৈছে। একে সময়তে দুটা ৰূপত আক্ৰান্ত হোৱাৰ ঘটনা অতি কম বুলি জানিবলৈ দিয়ে বেশেষজ্ঞসকলে।

বেলজিয়াম চৰকাৰৰ ফালৰ পৰা জনাইছে যে, বৃদ্ধাগৰাকীক টিকাকৰণ কৰা হোৱা নাছিল। চলিত বছৰৰ মাৰ্চত তেওঁ অসুস্থ হৈ পৰিছিল। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু এটা ক’ভিড পৰীক্ষা কৰোৱাত ৰিপৰ্টত প্ৰকাশ পাইছিল যে তেওঁ ক’ভিডত আক্রান্ত হৈছে ।

আৰম্ভণিতে তেওঁৰ শৰীৰত অক্সিজেনৰ স্তৰ স্বাভাৱিক আছিল। কিন্তু যোৱা পাঁচ দিনত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেতিয়াই বৃদ্ধাগৰাকীৰ মৃত্যু হয়।

তেওঁৰ মৃত্যুৰ পাছত, বৃদ্ধাগৰাকীৰ নমুনা পৰীক্ষা কৰা হয় আৰু দেখা যায় যে তেওঁৰ শৰীৰত কৰ’না আলফা আৰু বিটা দুয়োটা ৰূপ আছে।

বেলজিয়াম চহৰৰ অ’এলভি চিকিৎসালয়ৰ বিশেষজ্ঞ এনি ভানকিৰবাৰ্গেনে কয়, “এই মুহূৰ্তত বেলজিয়ামত কৰ’নাৰ এই দুটা ৰূপ দেখা গৈছে। এনেকুৱা লাগিছে যেন বৃদ্ধাগৰাকীৰ শৰীৰত দুটা বেলেগ বেলেগ মানুহৰ শৰীৰৰ পৰা দুটা ৰূপ বিয়পি পৰিছিল। কিন্তু আমি নাজানো যে কি দৰে তেওঁ আক্ৰান্ত হ’ল। এই মুহূৰ্তত বেলজিয়ামত দুটা প্ৰকাৰৰ আন কোনো ৰোগীৰ সন্ধান পোৱা হোৱা নাই। ”

Exit mobile version