কেন্দ্ৰ‌ই আলোচনাত নবহিলে সংসদত কৃষক বিক্ষোভ কৰাৰ হুংকাৰ টিকায়েটৰ

rakesh tikaait 1 6782952 835x547 m 6785595 835x547 m

চৰকাৰ ইচ্ছুক হ’লে আন্দোলনৰত কৃষকসকলো আলোচনাত মিলিত হ’বলৈ প্ৰস্তুত বুলি জনালে কৃষক আন্দোলনৰ নেতা ৰাকেশ টিকায়েটে । তেওঁ সতৰ্কবাণী দিয়ে যে, ১০ দিনৰ ভিতৰত চৰকাৰে আলোচনাত মিলিত নহ’লে ২২ জুলাইৰ পৰা সংসদৰ বাহিৰত প্ৰতিবাদ কৰিব কৃষকসকলে । ইপিনে, আজি পুনৰ বিজেপি শাসিত হাৰিয়ানাৰ একাধিক স্থানত বিজেপি নেতিসকলৰ কৰ্মসূচীত বাধা আৰোপ কৰিবৰ বাবে আৰক্ষীৰ স’তে সংঘৰ্ষ-বিক্ষোভত জড়িত হৈ পৰে কৃষকসকল ।

মোদী চৰকাৰৰ তিনি কৃষি আইনৰ বিৰুদ্ধে বিগত বৰ্ষৰ নৱেম্বৰৰ শেষ সপ্তাহৰ পৰা দিল্লীৰ সীমান্তত আন্দোলনৰত হৈ আছে ক্ষুব্ধ কৃষকসকল । আৰম্ভণিতে কৃষকসকলৰ বিৰুদ্ধে ৰণমুৱা হৈ পৰিছিল কেন্দ্ৰ । কিন্তু এই পদক্ষেপৰ ফলত জনসাধাৰণৰ মাজত ভুল বাৰ্তা প্ৰচাৰ হৈছে বুলি বুজিব পাৰি কৃষক বিক্ষোভত ‘ধীৰে চল’ নীতি অৱলম্বন কৰে কেন্দ্ৰ‌ই । ইয়াৰোপৰি উত্তৰপ্ৰদেশসহ পাঁচখন ৰাজ্যত নিৰ্বাচন সমাগত । এই ৰাজ্যসমূহত বিক্ষোভৰ প্ৰবল চাপ পৰাৰ শংকাত সম্প্ৰতি আলোচনাৰ মাধ্যমত সম্পূৰ্ণ সমস্যা সমাধান কৰাই লক্ষ্য চৰকাৰৰ ।

চলিত সপ্তাহত মন্ত্ৰীসভাৰ ৰদবদলৰ পাছত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষকসকলক পুনৰ বৈঠকত মিলিত হোৱাৰ প্ৰস্তাৱ দিয়ে । আজি কৃষক নেতা ৰাকেশ টিকায়েটে কয়, ‘চৰকাৰে আলোচনাত মিলিত হ’ব বিচাৰিলে আমিও প্ৰস্তুত । কিন্তু যদি চৰকাৰে পূৰ্ব নিৰ্ধাৰিত নীতি অনুসৰি আলোচনা কৰিব বিচাৰে, আমি বৈঠকৰ পৰা উঠি আহিম ।’ লগতে টিকাইতে সতৰ্ক কৰি দিয়ে যে, আগন্তুক ১০ দিনৰ ভিতৰত যদি চৰকাৰে আলোচনাত মিলিত নহয়, আসন্ন সংসদ অধিৱেশনত সংসদৰ বাহিৰত ধৰ্না দিব কৃষকসকলে ।

প্ৰায় ন মাহ ধৰি আন্দোলনৰত হৈ আছে কৃষকসকল । দিল্লী সীমান্তত এসময়ত ভিৰ হৈ থকা শিবীৰসমূহ এতিয়া পাতল ।

Exit mobile version