পইতা ভাতৰ খাদ্যগুণ অসীম, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সক্ষম, এইমছৰ গৱেষণা

main qimg eda5879c9b320a8412caccce3c91c2d8

নিমখ, নেমু আৰু পিয়াজ লগতে কেঁচা জলকীয়া। লগত যদি অলপ আলু ভাজি হয় তেতিয়াটো কথাই নাই । গৰমৰ দিনত পইতা ভাত খোৱাৰ মজায়ে বেলেগ। কিন্তু এই পইতা ভাতৰ বহুত গুণাগুণ আছে, সেইয়া জানেনে ?

এই কথা কৈছে এইমছ ভূৱনেশ্বৰৰ ক্লিনিকেল জীৱাণু গৱেষণাৰ গৱেষকসকলে । ২০১৯ চনত এই বিষয়ে গৱেষণা আৰম্ভ কৰে গৱেষক বালামুৰুগান ৰামদাস আৰু তেওঁৰ দলে।

গৱেষণাত দেখা গৈছে যে, পইতা ভাতত এটা চুটি চেইন ফেটি এচিড থাকে যি পাকস্থলীৰ বাবে ভাল। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকৰাতো সহায় কৰে পইতা ভাত ।

গৱেষকজনৰ কয়, ‘এইমছত, আমি পুষ্টিহীন শিশুসকলক বিভিন্ন জটিল কাৰ্বোহাইড্ৰেট যুক্ত খাদ্য যোগান ধৰো। কিন্তু পৰিপূৰক হিচাপে, মই এই চুটি চেইন ফেটি এচিড দিওঁ।

অধ্যয়নে দেখুৱাইছে যে পইতা ভাতৰ পানীত এই চুটি ফেটি এচিড থাকে,’ । অতি সহজলভ্য আৰু সস্তীয়া খাদ্য পইতা ভাত খাই পৰ্যাপ্ত পুষ্টি প্ৰাপ্ত কৰা সম্ভৱ।

গতিকে পইতা ভাতে শৰীৰ স্বাস্থ্যৱান ৰাখিবলৈ ব্যয়বহুল স্বাস্থ্য পানীয়ৰ দৰে খাব পাৰে পইতা ভাত।কিন্তু ইয়াক পানীত তিয়াই লগে লগে খালে নহব। এই সুবিধা কেৱল তেতিয়াহে পাব যদি কমেও এটা ৰাতি ভাতখিনি তিয়াই ৰখা হয়।

Exit mobile version