পাঁচ বছৰৰ পাছত পৰিচালনাত জোহৰ, পুনৰ যুটি বান্ধিব ৰণবীৰ-আলিয়াই

pjimage 20 1554885514

সুদীর্ঘ পাঁচ বছৰৰ পাছত ছবি পৰিচালনা কৰিব কৰণ জোহৰে। শেষবাৰলৈ তেওঁ পৰিচালনা কৰিছিল ‘এ দিল হে মুছকিল’ নামৰ ছবিখন। ৰণবীৰ কাপুৰ, অনুষ্কা শর্মা, ঐশ্বর্য ৰাই বচ্চনৰ দৰে তাৰকাই অভিনয় কৰা সত্ত্বেও ছবিখনে বক্স অফিচত হামুখুৰি খাই পৰিছিল।

তাৰ পাছত জোহৰে পৰিচালনা বাদ দি ছবি প্রযােজনাতে মনােযােগ দিছিল। অৱশ্যে এই সময়খিনি তেওঁ নেটফ্লিক্সৰ বাবে দুখন চুটি ছবি পৰিচালনা কৰি প্ৰশংসা বুটলিছিল। এই সপ্তাহতে জোহৰে জনালে যে সুদীর্ঘ পাঁচ বছৰৰ পাছত তেওঁ পুনৰ ৰূপালী পর্দাৰ ছবি পৰিচালনা কৰিব।

‘ৰকী অউৰ ৰাণী কি প্রেম কাহানি’ নামৰ ছবিখনত যুটি বান্ধিব ৰণবীৰ সিং আৰু আলিয়া ভাটে। এই ছবিৰ টিজাৰ টুইট কৰি জোহৰে লিখিছে যে কেমেৰাৰ পাছফাললৈ উভতিব পাৰি বৰ ভাল লাগিছে। তেওঁ লিখিছে, এই কামটোৱেই মই আটাইতকৈ ভাল পাওঁ।’

উল্লেখ্য যে ‘গাল্লি বয়’ৰ পাছত ৰণবীৰ আৰু আলিয়াই দ্বিতীয়বাৰলৈ কোনাে ছবিত পৰস্পৰৰ বিপৰীতে অভিনয় কৰিব। জোহৰে ঘােষণা কৰাৰ লগে লগে সামাজিক মাধ্যমত আগন্তুক ছবিখনক কেন্দ্ৰ কৰি চৰ্চা আৰম্ভ হৈছে।

কৰণ জোহৰৰ পৰিচালনা মানেই প্রেমৰ ছবি। তাতে এই সময়ত ৰণবীৰ আৰু আলিয়া দুয়াে অতি সফল তাৰকা। সেয়ে তেওঁলােকক পুনৰ ৰূপালী পর্দাত চোৱাৰ বাবে দর্শক উন্মুখ হৈ আছে।

Exit mobile version