ভাৰতত আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত গাৰছেটি, জনালে বাইডেনে

np file 98287

লছ এঞ্জেলছৰ মেয়ৰ এৰিক গাৰছেটি ভাৰতত আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত । শুকুৰবাৰে ৰাষ্ট্ৰপতি জ’ বাইডেনে এই কথা ঘোষণা কৰাৰ পাছত ৫০ বছৰীয়া গাৰছেটিয়ে কয়, ‘এই দায়িত্ব পায় সন্মানিত বোধ কৰিছো ।’ গাৰছেটিৰ মনোনয়ন আমেৰিকাৰ ভাৰতীয় বংশোদ্ভূত সম্প্ৰদায়ৰ পৰা আৰম্ভ কৰি অইনসভাৰ প্ৰতিনিধি সকলোৱে উৎফুল্লিত ।

ছেনেটৰ ডায়ান ফিনষ্টিনে কয়, ‘মেয়ৰ গাৰছেটিক এই পদত নিযুক্ত কৰাটো বিৰাট বিষয় । আন্তৰ্জাতিক অৰ্থনীতি আৰু জাতীয় নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতৰ গুৰুত্ব বৃদ্ধি পাব । সেই দেশৰ স’তে আমাৰ সম্পৰ্ক আগুৱাই নিবৰ বাবে এনে এটি শক্তিশালী হাতৰে প্ৰয়োজন আছিল ।’ গাৰছেটি এজন তৃতীয় প্ৰজন্মৰ অভিবাসী । সকলোৰে বাবে সুযোগ সুবিধা আৰু ন্যায়, আমেৰিকাৰ এই দুই নীতিৰ প্ৰচাৰ ভাৰততো তেওঁ কৰিব পাৰিব বুলি ডায়ানৰ বিশ্বাস ।

একেদৰে, আমেৰিকাৰ কংগ্ৰেছৰ ভাৰতীয় বংশোদ্ভূত সদস্য ৰাজা কৃষ্ণমূৰ্তিয়ে কয়, আমেৰিকা-ভাৰত সম্পৰ্ক আৰু বিশেষকৈ অতিমাৰী পৰিস্থিতিত পাৰস্পৰিক সহযোগিতা, অৰ্থনৈতিক আৰু নিৰাপত্তা বিষয়ক অংশীদাৰীক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গাৰছেটিৰ মনোনয়ন এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।

‘বিশ্বৰ বিভিন্ন চহৰৰ মাজত সহযোগিতাৰ বন্ধন স্থাপন কৰাৰ ক্ষেত্ৰত গাৰছেটিয়ে যিদৰে লছ এঞ্জেলছক নেতৃস্থানীয় ভূমিকাত স্থাপন কৰিছে, সেই অভিজ্ঞতাই এইবাৰ বিশ্বৰ বৃহত্তম (ভাৰত) আৰু প্ৰাচীনতম (আমেৰিকা) গণতন্ত্ৰৰ মাজৰ বন্ধনক সুদৃঢ় কৰিব ।’ ছিলিকন ভেলীৰ ভাৰতীয় উদ্যোগপতি এম আৰ ৰংগস্বামীয়ে কয়, গাৰছেটিক ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত কৰি বাইডেনে প্ৰমাণ কৰিলে যে ভাৰতৰ স’তে সম্পৰ্কক তেওঁ কিমান গুৰুত্ব দিয়ে ।

আমেৰিকাৰ দ্বিতীয় বৃহত্তম চহৰৰ প্ৰশাসনক নেতৃত্ব দিয়াৰ দীৰ্ঘ অভিজ্ঞতা আৰু বাইডেনৰ স’তে ঘনিষ্ঠ সম্পৰ্ক, এই দুটাই গাৰছেটিৰ সম্পদ হ’ব । তেওঁ বাইডেনৰ নিৰ্বাচনী প্ৰচাৰ দলত গাৰছেটি সহযোগী মুৰব্বীৰ দায়িত্ব পালন কৰিছিল বুলি জনায় ইণ্ডিয়াস্প’ৰা নামৰ ভাৰতীয় বংশোদ্ভূতৰ এক স্বেচ্ছাসেৱী সংস্থাই ।

আমেৰিকাৰ কংগ্ৰেছৰ ভাৰত-ককাছৰ সহযোগী মুৰব্বী ব্ৰেড ছেৰমেনেও মুক্ত কণ্ঠে গাৰছেটিৰ মনোনয়নক স্বাগতম জনাইছে । লছ এঞ্জেলছ প্ৰশাসনৰ ৱেবছাইটে জনায়, গাৰছেটি এজন ৰোডছ্ স্কলাৰ । তেওঁৰ এছিয়া, ইউৰোপ আৰু আফ্ৰিকাত কাম কৰাৰ অভিজ্ঞতা আছে । লছ এঞ্জেলছৰ আন্তৰ্জাতিক সম্পৰ্ক বিষয়ক ডেপুটি মেয়ৰ হিচাপে তেওঁ অতি কৃতিত্বৰ পৰিচয় দিছে । তেওঁ আমেৰিকাৰ নৌবাহিনীটো কাম কৰিছে ।

Exit mobile version