ভেবলা কেওটচুবাত কালদিয়া নৈৰ খহনীয়াত উছন ১০ টাকৈ পৰিয়ালৰ ঘৰমাটি

WhatsApp Image 2021 07 11 at 6.23.03 PM

বাগসাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত জালাহৰ সমীপৱৰ্তী ভেবলা কেওটচুবাত কালদিয়া নৈয়ে বছৰ বছৰ ধৰি ব্যাপক খহনীয়াৰ সৃষ্টি কৰি আহিছে৷খহনীয়াত ইতিমধ্যে জাহ গৈছে ভেবলা কেওটচুবাৰ দহটাকৈ পৰিয়ালৰ ঘৰ মাটি ৷

প্ৰায় ১০/১২ বছৰ ধৰি অঞ্চলটোত কালদিয়া নৈয়ে খহনীয়া অব্যাহত ৰাখিছে যদিও আজি পৰ্য্যন্ত খহনীয়া ৰোধৰ বাবে কোনো এগৰাকী মন্ত্ৰী বিধায়কে স্থায়ী প্ৰচেষ্টা হাতত নল’লে বুলি অভিযোগ কৰে স্থানীয় লোকে ৷

অভিযোগ মতে নিৰ্বাচনৰ সময়ত বহু মন্ত্ৰী বিধায়ক অঞ্চলটোলৈ আহি কালদিয়া নৈৰ খহনীয়া ৰোধৰ লগতে ৰাইজৰ ভিন্ন সমস্যা সমাধানৰ আশ্বাস দিয়ে যদিও আজিলৈ একো এটা কামেই নকৰিলে কোনো এগৰাকী বিষয়া বা চৰকাৰৰ প্ৰতিনিধিয়ে ৷

কালদিয়াৰ খহনীয়াৰ বাবেই নৈপৰীয়া অঞ্চলটোৰ ছাত্ৰছাত্ৰী, সাধাৰণ ৰাইজ পথৰ অভাৱত বহু দূৰ বাট বাই অহাযোৱা কৰিবলগা হৈছে৷ নৈখনৰ খহনীয়াত বিপৰ্যস্ত ৰাইজে অসম চৰকাৰক পুনৰবাৰ খহনীয়া ৰোধৰ স্থায়ী ব্যৱস্থা হাতত ল’বলৈ দাবী জনাইছে৷

Exit mobile version