লোঙা নৈৰ গৰাখহনীয়াৰ কবলত লাউৱাৰভিটা প্ৰাথমিক বিদ্যালয়

WhatsApp Image 2021 07 11 at 6.22.44 PM

কোকৰাঝাৰ জিলাৰ দোতমা শিক্ষাখণ্ডৰ অধিনৰ লাউৱাৰভিটা গাওঁত থকা প্ৰাথমিক বিদ্যালয়ৰ গৃহটো লোঙা নৈৰ গৰাখহনীয়াৰ কবলত পৰি ধ্বংস হোৱা পৰিলক্ষিত হৈছে।

ADVERTISEMENT

তথ্য অনুসৰি যোৱাবেলি বানপানীৰ কবলত পৰি বিদ্যালয় গৃহটোৰ আধা অংশ পানীত জাহ গৈছে। বিদ্যালয় গৃহটো জাহ যোৱাৰ পাছত ছাত্র ছাত্রীৰ শিক্ষাৰ ক্ষেত্রত চিন্তিত হৈ পৰিছে অভিভাৱক সকল।

ইপিনে লোঙা নৈখনৰ গৰাখহনীয়াই ভয়ানক ৰূপ ধাৰণ কৰি গাওঁখনৰো বহুতো খেতি মাটিও পানীত জাহ গৈছে। গাওঁবাসীয়ে বিদ্যালয় গৃহটোৰ লগতে নৈখনৰ গৰাখহনীয়া ৰোধ কৰিবলৈ বিটিআৰ প্ৰসাশনৰ লগতে অসম চৰকাৰকো দাবী জনাইছে।

Exit mobile version