পৃথিৱী অভিমুখে অগ্ৰসৰ মহাদৈত্যাকায় গ্ৰহাণু

হিৰোছিমাত বৰ্ষণ কৰা পৰমাণু বোমাৰ সম পৰিমাণৰ ৮০ হেজাৰটা বোমাৰ শক্তিসম্পন্ন

unknown 1

পৃথিৱী অভিমুখে ৰাওনা হৈছে প্ৰায় ৮.৫ কোটি অধিক ওজনৰ এটা মহাদৈত্যাকায় গ্ৰহাণু । আমেৰিকাৰ নিউয়ৰ্কৰ এম্পেয়াৰ ষ্টেট বিল্ডিঙৰ সমান উচ্চতাৰ এই গ্ৰহাণুটো প্ৰায় ডেৰ হেজাৰ ফুট দীঘল । অতি ভয়ংকৰ গতিবেগৰে ই পৃথিৱী অভিমুখে আহি আছে । বিজ্ঞানীসকলৰ আশংকা অনুসৰি, হিৰোছিমাত বৰ্ষণ কৰা পৰমাণু বোমাৰ স’তে ৮০ হেজাৰটা পৰমাণু বোমা একেলগে পৰিলে যি পৰিমাণৰ শক্তি সৃষ্টি হ’ব পাৰে, এই গ্ৰহাণুটোৱে সিমান শক্তিৰে পৃথিৱীত আঘাত হনাৰ আশংকা আছে । যিকোনো উপায়ৰে এই মহাপ্ৰলয়ৰ পৰা পৃথিৱীক ৰক্ষা কৰিবলৈ তৎপৰ হৈ উঠিছে আমেৰিকা আৰু ইউৰোপৰ দৰে চীনৰ বিজ্ঞানী মহলো ।

ইতিমধ্যে মাৰ্কিন মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছাই এই বিষয়ত প্ৰয়োজনীয় অধ্যয়ন ব্যাপক কৰি তুলিছে । এইবাৰ চীনৰ মহাকাশ সংস্থা ‘চাইনা নেচনেল স্পেচ ছায়েন্স চেণ্টাৰ’ৰ বিজ্ঞানীয়ে পৃথিৱী অভিমুখে অগ্ৰসৰ হোৱা গ্ৰহাণুটোৰ অভিমুখে অন্য দিশলৈ ঘূৰাই পঠাবলৈ মহাকাশত ভয়াৱহ বিস্ফোৰণ ঘটোৱৰ উপায় উদ্ভাৱন কৰিলে । চীনৰ মহাকাশ বিজ্ঞানীয়ে এই গ্ৰহাণুৰ সম্ভাব্য আঘাতৰ পৰা ধৰাক ৰক্ষা কৰিবলৈ অতি শক্তিশালী আঢ়ৈ ডজন ৰকেট মহাকাশলৈ প্ৰেৰণৰ যো-জা চলাইছে ।

এই ৰকেটৰ জৰিয়তে মহাকাশত সংঘটিত কৰা হ’ব ভয়াবহ বিস্ফোৰণৰ । এই ৰকেটসমূহে এটাৰ পাছত আনটোৱে গ্ৰহাণুক লক্ষ্য হিচাপে লৈ মহাকাশলৈ ৰাওনা হ’ব । গ্ৰহাণুৰ গাত আঘাত হানি সংঘটিত কৰিব বিস্ফোৰণ । এই আঘাতেই গ্ৰহাণুটোৰ অভিমুখ সলনি কৰিব বুলি এক পৰিকল্পনা যুগুত কৰিছে চীনৰ মহাকাশ বিজ্ঞানীয়ে ।

চীনৰ বিজ্ঞানীৰ পৰিকল্পনা অনুসৰি, তেওঁলোকে তৈয়াৰ কৰা অত্যাধুনিক লং মাৰ্চ-৫ ৰকেটৰ ২৩টা ৰকেট মহাকাশলৈ প্ৰেৰণ কৰা হ’ব । এই প্ৰতিটো ৰকেটৰ ওজন ৯০০ মেট্ৰিকটন । চীনা গৱেষণকৰ এই বিষয়ক অধ্যয়নৰ গৱেষণাপত্ৰ প্ৰকাশ পালে আন্তৰ্জাতিক বিজ্ঞান গৱেষণা পত্ৰিকা ‘আইকাৰছ’ত ।

একেধৰণৰ পৰিকল্পনা গ্ৰহণ কৰিছে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই । নাছাৰ বিজ্ঞানীয়ে ৩০ ফুট উচ্চতাৰ একাধিক মহাকাশযান প্ৰেৰণ কৰি পৃথিৱী অভিমুখে আহি থকা প্ৰকাণ্ড গ্ৰহাণুটোৰ ওপৰত বিশাল হাতুৰীৰ দৰে আঘাত হানিবলৈ পৰিকল্পনা যুগুত কৰিছে । সেয়েহে নাছাই এই পৰিকল্পনাৰ নাম ৰাখিছে ‘হামাৰ’ (হাতুৰী) । এই দৈত্যাকাৰ গ্ৰহাণু ‘বেন্নু’ৱে পৃথিৱীৰ কক্ষপথৰ ৭৫ লাখ কিলোমিটাৰ মাজেদি অহা ৫৪ৰ পৰা ৭৮ বছৰৰ ভিতৰত অগ্ৰসৰ হোৱাৰ কথা । অৰ্থাৎ ২১৭৫ বৰ্ষৰ পৰা ২১৯৯ বৰ্ষৰ ভিতৰত প্ৰকাণ্ড গ্ৰহাণুটোৱে পৃথিৱীক আঘাত কৰাৰ শংকা আছে বুলি বিজ্ঞানীসকলে তথ্য লাভ কৰিছে ।

যদিহে পৃথিৱীৰ কক্ষপথৰ কাষ চপাৰ ফলত কেনেবাকৈ গ্ৰহাণুৱে ধৰাপৃষ্ঠক আঘাত হানে, তেন্তে এক মহাপ্ৰলয় হ’ব পাৰে বুলি আশংকা বিজ্ঞানী সমাজৰ । কিয়নো গ্ৰহাণুৰ গতিবেগ আৰু কক্ষপথ অনেক সময়ত সলনি হ’ব পাৰে । নছাই ইতিমধ্যে এই গ্ৰহাণুৰ স’তে হ’ব পৰা পৃথিৱীৰ সংঘৰ্ষ প্ৰতিৰোধ কৰিবলৈ গৱেষণামূলক অধ্যয়ন অব্যাহত ৰাখিছে । অসংখ্য মহাকাশযান প্ৰেৰণ কৰি গ্ৰহাণুটোক আঘাত হানি ইয়াৰ অভিমুখ ওভতাই পঠাবলৈ নাছাৰ বিজ্ঞানীয়ে এক পৰিকল্পনা প্ৰস্তুত কৰিছে ।

শেহতীয়াভাৱে এই ক্ষেত্ৰত চীনৰ মহাকাশ বিজ্ঞানীয়েও নিজা পৰিকল্পনা যুগুত কৰিছে । চীনৰ বিজ্ঞানীয়ে প্ৰকাশ কৰা মতে, মহাকাশলৈ ২৩টা বিশাল আকৃতিৰ ৰকেট প্ৰেৰণ কৰা হ’ব আৰু এই ৰকেটৰ মহাকাশত মহাবিস্ফোৰণ সংঘটিত কৰি ‘বেন্নু’ গ্ৰহাণুৰ অভিমুখ ওভতাই পঠাবলৈ চেষ্টা চলোৱা হ’ব ।

Exit mobile version