ভক্তৰ অবিহনেই পুৰীত উদযাপিত ৰাথযাত্ৰা, ১৪৪ ধাৰা জাৰি

E6BaBSYVIAwK kA

কৰ’না মহামাৰীৰ মাজতে আজি পুৰীত উদযাপন কৰা হৈছে ৰথ যাত্ৰা। যোৱা বছৰৰ দৰে এইবাৰো ভক্তশূণ্য হৈ আছে পুৰীৰ ৰথ যাত্ৰা । প্ৰশাসনৰ দ্বাৰা কেইবাটাও কৰ’না নিষেধাজ্ঞা জাৰি কৰা হৈছে। এইবাৰ পুৰীত ৰথ যাত্ৰাত সীমিত সংখ্যক সেৱাকৰ্মী আৰু কৰ্মীয়ে অংশগ্ৰহণ কৰিছে।

ৰথ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আৰটি-পিচিআৰ পৰীক্ষাৰ বাবে নেতিবাচক প্ৰতিবেদন আৰু টিকাকৰণ প্ৰমাণপত্ৰ থকাটো সকলোৰে বাবে বাধ্যতামূলক কৰা হৈছে।

পুৰী জগন্নাথ মন্দিৰৰ প্ৰশাসক অজয় জেনাই কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু উৰিষ্যা চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞা অনুসৰি যোৱা বছৰৰ দৰে এইবছৰো পুৰীৰ ৰথ যাত্ৰা এই ভক্তৰ অবিহনে উদযাপন কৰা হৈছে ।এই বছৰ কোনো ভক্তই ৰথ যাত্ৰাত অংশগ্ৰহণ কৰিব নোৱাৰে ।

তেওঁ আৰু জনাইছে যে যিসকলে ভেকছিনৰ দুয়োটা পালি গ্ৰহণ কৰিছে তেওঁলোকেহে ৰথৰ ৰছী টানিব পাৰিব। ৰথ যাত্ৰাৰ উপলক্ষে আছে কঠোৰ নিৰাপত্তা । প্ৰায় এক হেজাৰ কৰ্মী নিৰাপত্তাত । লগতে বৃহৎ সংখ্যক আৰক্ষীও মোতায়েন কৰা হ’ব।

দেওবাৰে নিশা আঠ বজাৰ পৰা মঙলবাৰে সন্ধিয়া আঠ বজালৈ পুৰীত জাৰি কৰা হৈছে কাৰফিউ । উৰিষ্যা চৰকাৰে নিৰ্দেশ জাৰি কৰি সকলো হোটেল, ল’জ আৰু অতিথিশালা খালী কৰিবলৈ কৈছে। জৰুৰী প্ৰয়োজন নোহোৱাকৈ বাহিৰলৈ নাযাবলৈ নিৰ্দেশ দিয়া হৈছে।

Exit mobile version