হৰপ্পা বানত বিপৰ্য্যস্ত ধৰ্মশালা, পানীৰ সোঁতত বৈ গৈছে যান-বাহন

Dharamshala Flash Flood PTI photo

অতিৰিক্ত বৃষ্টিপাতৰ ফলত হৰপ্পা বানৰ সৃষ্টি হৈছে হিমাচল প্ৰদেশৰ ধৰ্মশালাত । এই হৰপ্পা বানৰ ফলত স্থানীয় বাসিন্দাসকলৰ বহু ক্ষয়-ক্ষতি হৈছে । বহু পৰ্যটক আৱদ্ধ হৈ পৰে । পানীৰ প্ৰাবল্যতাৰ বাবে বাসগৃহ ভাঙি পৰে, গাড়ী উটি যায় । অৱশ্যে এই পৰ্যন্ত কোনো লোকৰ মৃত্যু হোৱা নাই ।

মেকলিয়ডগঞ্জৰ ষ্টেচন হাউছ অফিচাৰ বিপিন চৌধুৰীয়ে নিজৰ টুইটাৰত বানৰ ভিডিঅ’ প্ৰকাশ কৰিছে । ভিডিঅ’ত দেখা গৈছে, ধৰ্মশালাৰ ভাগছু নাগ অঞ্চলৰ পথৰ ওপৰেৰে প্ৰবল বেগত পানী বৈছে । পানীৰ সোঁতত গাড়ী উটি গৈছে । পানীৰ প্ৰাবল্যতাত ঘৰ-বাৰীৰো ক্ষতি হোৱা দেখা গৈছে ।

ধৰ্মশালাৰ পৰা ৫৮ কিলোমিটাৰ দূৰত কাংৰা জিলাত প্ৰবল বৰষুণ হৈছে । ফলস্বৰূপে এই হৰপ্পা বানৰ সৃষ্টি হৈছে । কাংৰাৰ উপৰিও বহু ঠাইত প্ৰবল বৃষ্টিপাতৰ ফলত জনজীৱন বিপৰ্য্যস্ত হৈ পৰিছে ।

Exit mobile version