৪৬ ডিগ্রীলৈ বৃদ্ধি তাপমাত্রা, প্রচণ্ড গৰমত আমেৰিকাত ২০০ৰ মৃত্যু

64dq0n5klw2rjelr 1625819138

এফালে কৰনাৰ সংক্রমণ, আনফালে, প্ৰৱল তাপপ্রবাহত বিপর্যস্ত আমেৰিকাৰ জনজীৱন। ৱাশ্বিংটন আৰু অগেনৰ একাধিক অঞ্চলত এইবাৰ গ্ৰীষ্মত ইতিমধ্যে তাপমাত্রা ৪৬ ডিগ্রী চেলছিয়াছলৈকে বৃদ্ধি পাইছে।

ফলত বিগত মাত্র এসপ্তাহত আমেৰিকাত প্রচণ্ড গ্রীষ্মৰ পৰিণতিত প্ৰাণ হেৰুৱালে কমেও দুই শতাধিক লােকে। বিগত কে’বা সপ্তাহ ধৰি কানাডা আৰু আমেৰিকাত উত্তাপ বৃদ্ধি অব্যাহত আছে।

কানাডাত এতিয়ালৈকে গ্রীষ্মপ্রবাহৰ ফলত ৫০০ ৰাে অধিক লােকৰ মৃত্যু হৈছে। মার্কিন স্বাস্থ্য বিভাগৰ পৰিসংখ্যা অনুসৰি, দেশখনত ইতিমধ্যে অৰেগনত ১১৬ জন আৰু ৱাশ্বিংটনত ৭৮ জন লােকৰ গ্ৰীষ্মপ্রবাহৰ ফলত মৃত্যু হৈছে।

উল্লেখ্য যে ৱাশ্বিংটন আৰু অৰেগনত জুলাইত সাধাৰণতে গড় তাপমাত্রা হৈছে ২৮-৩০ ডিগ্রী চেলছিয়াছ। কিন্তু এইবাৰ এই দুখন চহৰত তাপমাত্রা যথেষ্ট বৃদ্ধি হৈছে। উকট গৰম সহ্য কৰিব নােৱাৰি ২০০ ৰাে অধিক লােকৰ হৃদৰােগত মৃত্যু হৈছে।

Exit mobile version