আফগান বায়ুসেনাৰ আক্ৰমণত ধৰাশায়ী হ’ল ৪০ তালিবান সন্ত্রাসবাদী

2021 7image 13 39 236647437taliban11 ll

আফগানিস্তানত পুনৰ তালিবানৰ শক্তি বৃদ্ধি পােৱাৰ সময়তে আফগান সেনাই বিমানৰে চলােৱা সন্ত্রাসবিৰােধী অভিযানত প্রাণ হেৰুৱালে কমেও ৪০ জন তালিবান সন্ত্রাসবাদীয়ে।

সোমাবাৰে আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্রণালয়ে এই কথা প্রকাশ কৰি জনােৱা অনুসৰি, তালিবানৰ সন্ত্রাসবাদীৰ একাধিক ঘাটিক লক্ষ্য হিচাপে লৈ আফগান বায়ুসেনাই বিভিন্ন অঞ্চলত বােমাবর্ষণ কৰে।

দক্ষিণ হেলমণ্ড প্রদেশৰ গৰ্মচেৰ জিলাত বায়ুসেনাই তালিবানৰ ঘাটিত চলােৱা আক্ৰমণত ১৪ জন সন্ত্রাসবাদী নিহত আৰু দুজন আহত হৈছিল।

আনহাতে, পশ্চিম নিমৰােজৰ ডেলাৰামত চলােৱা বায়ুসেনাৰ আক্ৰমণত ২০ জন সন্ত্রাসবাদী নিহত আৰু ৩৫ জন আহত হৈছিল। ইফালে, তগব জিলাতাে বায়ুসেনাই চলােৱা আক্ৰমণত ছজন সন্ত্রাসবাদী নিহত আৰু আন পাঁচজন গুৰুতৰভাৱে আহত হৈছিল।

Exit mobile version