ইমৰানৰ ‘নতুন পাকিস্তান’ত ৬০ হিন্দুক বলপূর্বক কৰিলে ধর্মান্তৰ

356678 2366553 updates

‘নতুন পাকিস্তান’ গঢ়াৰ প্ৰতিশ্ৰুতিৰে পাকিস্তানৰ ক্ষমতা লাভ কৰা প্ৰধানমন্ত্রী ইমন খানৰ শাসনত দেশখনত সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে নির্যাতন বৃদ্ধি পালে। তদুপৰি পাকিস্তানত অব্যাহত আছে হিন্দু ধৰ্মাৱলম্বীক বলপূর্বক ইছলাম ধৰ্মত দীক্ষিত কৰােৱাৰ অপচেষ্টা।

পাকিস্তানৰ সিন্ধ প্ৰদেশৰ মাল্টি অঞ্চলত কমেও ৬০ জন হিন্দু ধর্মীক ইছলাম ধর্ম গ্রহণ কৰিবলৈ বাধ্য কৰােৱাৰ অভিযােগ উত্থাপিত হৈছে। নগৰ নিগমৰ অধ্যক্ষৰ সন্মুখতে এইসকল হিন্দু ধর্মীক ইছলাম ধৰ্মত দীক্ষিত কৰােৱা হৈছিল।

উল্লেখ্য যে পাকিস্তানৰ মুঠ জনসংখ্যা মাত্র দুই শতাংশ অর্থাৎ ৪৫ লাখ হৈছে হিন্দু ধর্মালম্বী আৰু এইসকলৰ সৰহসংখ্যকে সিন্ধ প্ৰদেশত বাস কৰে।

অলপতে এক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছিল আৰু এই ভিডিঅ’ত ৬০ জন হিন্দু ধর্মীক ইছলামত দীক্ষিত কৰােৱাৰ দৃশ্য আবদ্ধ হৈছিল। এই ঘটনা পােহৰলৈ অহাৰ পাছত বলপূর্বক ধর্মান্তৰণক লৈ হিন্দু ধৰ্মীসকলৰ মাজত ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছে।

Exit mobile version