চিৰাঙত কিশোৰৰ আত্মহত‍্যা

suicide rep img 11072021 1200

চিৰাঙৰ পানবাৰী থানাৰ অন্তৰ্গত দুই নং গৰাইমাৰীত কিশোৰৰ আত্মহত‍্যাৰ ঘটনা। গাঁওখনৰ দৰিদ্ৰ শ্ৰমিক মহৰ আলীৰ ১২ বছৰীয়া পুত্ৰ জহৰ আলীয়ে চিপ লৈ আত্মহত‍্যা কৰে।

ৰচীৰে আত্মহত‍্যা কৰিছে যদিও একাংশ লোকৰ দাবী যে ইমান সৰু লৰাই কিয় চিপলৈ আত্মহত‍্যা কৰিবলগীয়া হ’ল ? সেয়া আৰক্ষীয়ে সুক্ষ্মভাৱে তদন্ত কৰি ওলিওৱাৰ দাবী স্থানীয় লোকৰ।

যিহেতু ঘৰখনত কোনো ধৰণৰ কাজিয়া আদি হোৱা নাছিল এনে অৱস্থাত দুপৰীয়া ১২ বজাত নিজৰ ঘৰতে আত্মহত‍্যা কৰা ঘটনাক ৰহস‍্যজনক দাবী স্থানীয় লোকৰ। এই ঘটনাই সমগ্ৰ আঞ্চলটোত চাঞ্চল‍্যৰ সৃষ্টি হৈছে।

লোকে লোকাৰণ‍্য হৈ পৰিছে পৰিৱেশ। পানবাৰী থানাৰ আৰক্ষীৰ লগতে বিজনী মহকুমা আৰক্ষী বিষয়াও উপস্থিত হয় ঘটনাস্থলিত। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ কৰে।

Exit mobile version