কোকৰাঝাৰ জিলাৰ দোতমা উন্নয়ন খণ্ডৰ অন্তৰ্গত চিথিলা ভিচিডিচিত দুখীয়া হিতাধীকাৰীৰ মাজত আঠুৱা, কম্বল আৰু চিলাই মেচিন বিতৰণ কৰে অধ্যক্ষ কনকেশ্বৰ ৰায়ে।
ADVERTISEMENT
আজি ৰাতিপুৱাৰ ভাগত এক বিতৰণি সভা অনুষ্ঠিত কৰি সামগ্রীসমুহ হিতাধীকাৰীৰ মাজত বিতৰণ কৰে। উক্ত বিতৰণি অনুষ্ঠানত চিথিলা ভিচিডিচিত অধ্যক্ষ কনকেশ্বৰ ৰায়ৰ লগতে উপস্থিত থাকে চিথিলা ভিচিডিচিৰ উপ সভাপতি সুশান্ত সুত্রধৰৰ উপৰিও ভিচিডিচিৰ সদস্য গোপাল দাস, মিঠুন সুত্রধৰ, উপেন ৰায়, অশোক ৰায়, ভবেন বৰ্মন আদিকে ধৰি অইন অইন কৰ্মকৰ্তাসকল।
সামগ্ৰীসমুহ হিতাধীকাৰীৰ হাতত তুলি দি অধ্যক্ষ কনকেশ্বৰ ৰায়ে কয় যে এইবেলি সামগ্ৰীসমুহ স্বচ্ছ আৰু নিকাভাবে উপযুক্ত হিতাধীকাৰীৰ হাতত তুলি দিব পাই শান্তি অনুভব কৰিছো।