চিৰাঙৰ বাসুগাঁওৰ যুৱ খেতিয়ক হেমন্ত কুমাৰ ৰায়ৰ সাফল্যতা, মালভোগ কল খেতিৰে স্বাৱলম্বীতাৰ নিদৰ্শন

তলা বন্ধৰ সময়ছোৱাত মালভোগ কল-কলপুলি বিক্ৰীৰে সাত লাখ টকা উপাৰ্জন

IMG 20210710 121548

নিজৰ একাগ্ৰতা শ্ৰম আৰু মনোবল থাকিলে খেতি কৰিও যে স্বাৱলম্বী হ’ব পাৰি ইয়াৰ এক জলন্ত নিদৰ্শন দাঙি ধৰিছে চিৰাং জিলাৰ বাসুগাঁৱৰ এজন যুৱকে । যুৱকজনে শেহতীয়াভাৱে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত কৰ্মৰত চাকৰি বাদ দি একাণপটীয়াকৈ কৃষি কৰ্মত নিয়োজিত হৈ পৰিছে ৷ ১০ বছৰ পূৰ্বে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মেডিকেল ইউনিটৰ গাড়ী চালকৰ কাম কৰিও মালভোগ কল খেতিৰ স’তে জড়িত হৈ আহি বাসুগাঁও ৰাজাচাৰাং গাঁৱৰ যুৱক হেমন্ত কুমাৰ ৰায়ে নিজেও স্বাৱলম্বী হোৱাৰ লগতে আন ১০ জনকো দেখুৱাইছে স্বাৱলম্বীতাৰ পথ ।

হেমন্ত‌ই খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে । যুৱকজনে প্ৰথম অৱস্থাত আঢ়ৈ বিঘা মাটিত মালভোগ কলৰ খেতি আৰম্ভ কৰিছিল । বিগত ২০১১ৰ পৰা আৰম্ভ কৰা মালভোগ কলৰ খেতি লাহে লাহে আঢ়ৈ বিঘাৰ পৰা ৪০ বিঘালৈ সম্প্ৰসাৰণ কৰা হেমন্ত‌ই বিগত ডেৰ বছৰত ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তলাবন্ধৰ সময়ত মুঠ ২২ বিঘা খেতিৰ ১১ বিঘা মাটিত মালভোগ কল বিক্ৰী কৰি ছয় লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল । আনহাতে, এই বছৰত প্ৰতিটো মালভোগ কলৰ পুলি আঠ টকা দৰত বিক্ৰী কৰি মুঠ এক লাখ টকা উপাৰ্জন কৰা বুলিও জানিব দিছে ।

ছয়জনীয়া পৰিয়ালৰ স’তে হেমন্ত‌ই বৰ্তমানলৈ একমাত্ৰ মালভোগ কল খেতিৰ জৰিয়তে কোনো অসুবিধা নোহোৱাকৈ সুন্দৰভাৱে পৰিয়াল পোহপাল দি জীৱন নিৰ্বাহ কৰিছে । উল্লেখযোগ্য যে, বিগত ১০ বছৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মেডিকেল ইউনিট গাড়ী চালক হিচাপে কৰ্মৰত হেমন্তই চাকৰি নিয়মীয়া নোহোৱাত কিছুমাহ পূৰ্বে চাকৰি ইস্তাফা দিয়ে । চৰকাৰী বিভাগৰ কোনো সাহাৰ্য নোহোৱাকৈ মালভোগ কলৰ খেতিৰে স্বাৱলম্বী হ’বলৈ সক্ষম হোৱা হেমন্তক চিৰাং জিলা প্ৰশাসনে বিগত বছৰসমূহত আদৰ্শ খেতিয়ক হিচাপে দুবাৰকৈ সম্বৰ্ধনা জ্ঞাপন কৰে ৷

অঞ্চলটোৰ আদৰ্শ খেতিয়কগৰাকীয়ে আঢ়ৈ বিঘা মাটিৰ পৰা ৪০ বিঘা পৰ্যন্ত মাটিত মালভোগ কলৰ খেতি কৰি নিজৰ লগতে আন বহুজনক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে ৷ সম্প্ৰতি দৈনিক চাৰি-পাঁচজনকৈ লোকক খেতিৰ কামত নিয়োজিত কৰি কল খেতিৰ বাবে নিজেও চোৱাচিতা কৰি আহিছে হেমন্তই । নিৰ্দিষ্ট পাৰিশ্ৰমিকৰ বিনিময়ত কাম কৰা এইসকল লোকেও হেমন্তৰ বাবেই কোনো অসুবিধা নোহোৱাকৈ নিজৰ পৰিয়াল চলাবলৈ সক্ষম হৈছে ।

হেমন্তৰ কল খেতিৰ পৰা সম্প্ৰতি চাপৰ, কোকৰাঝাৰ, বঙাইগাঁও, কাজলগাঁও, বিজনী, বৰপেটা ৰোড আদিত মালভোগ কল ৰপ্তানি হয় । ফলত কোনো অসুবিধা নোহোৱাকৈ ঘৰতে বহি কল বিক্ৰী কৰি ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে খেতিয়কগৰাকীয়ে । সম্প্ৰতি মালভোগ কল খেতিৰে স্বাৱলম্বী হোৱা হেমন্তক দেখি যুৱ প্ৰজন্মৰ বহুতেই খেতিৰ প্ৰতি আগ্ৰহী হোৱা পৰিলক্ষিত হৈছে ৷ কে’বা ঠাইৰ যুৱকে হেমন্তৰ স’তে যোগাযোগ কৰিছে আৰু মালভোগ কলৰ পুলি বিচাৰিছে, এই পুলি বাৰিষাৰ পাছতে আনক দিয়াৰ ব্যৱস্থা কৰিব বুলিও যুৱ কৃষকজনে জানিবলৈ দিয়ে ৷

Exit mobile version