দৈনিক অগ্ৰদূত কাকতৰ বাতৰিৰ প্ৰভাৱ

চিথিলাৰ ৰোগাক্ৰান্ত অমৰ দেবনাথৰ চিকিৎসাৰ দায়িত্ব ললে অৰূপ কুমাৰ দে

WhatsApp Image 2021 07 14 at 5.23.16 PM

কোকৰাঝাৰ জিলাৰ দোতমা সমূহীয়া স্বাস্থ্য কেন্দ্রৰ অধিন চিথিলা বগৰীগুৰী গাওঁৰ বাসিন্দা বীৰেন্দ্ৰ দেবনাথৰ পুত্র অমৰ দেবনাথ (৩০) তিনি মাহ পূৰ্বৰে পৰা দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ শয্যাশায়ী হৈ আছে।

এতিয়া অমৰ দেবনাথৰ প্ৰয়োজন হৈছে উন্নত চিকিৎসাৰ। সেইবাবে পৰিয়ালটোৱে সংবাদমাধ্যমৰ কাষ চাপে আৰু বাতৰি পৰিবেশন হোৱা লগে লগে বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই ৰোগীজনৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোৰ লগত মত বিনিময় কৰাৰ লগতে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰৰণ কৰাৰো দায়িত্ব লব বুলি ৰোগীৰ অভিভাবক সকলক আশ্বাস প্ৰদান কৰে।

বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ই এম অৰূপ কুমাৰ দেৰ এনে পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিছে বগৰীগুৰী গাওঁৰ গাওঁবাসীৰ লগতে সদৌ অসম বাঙালি যুব ছাত্র ফেডাৰেচনৰ কোকৰাঝাৰ জিলাৰ সভাপতি ইন্দ্ৰজীৎ দেৱনাথে।

Exit mobile version