পুনৰ জম্মু সীমান্তত ড্ৰ’ন, বিএছ‌এফ-এ গুলী চালনা কৰোতেই পাকিস্তানৰ দিশে গতি কৰে

drone getty

জম্মুৰ আন্তৰ্জাতিক সীমান্তত পুনৰ ড্ৰ’ন দেখা গ’ল । ড্ৰ’নক লক্ষ্য কৰি সীমান্ত ৰক্ষা বল (বিএছ‌এফ)এই কে’বা জাই গুলী চালনা কৰে । ইয়াৰ পাছতেই পাকিস্তানৰ দিশে উভতি যায় ড্ৰ’নটো । মঙলবাৰে নিশা ১০ বজাত জম্মুৰ আৰ্নিয়া ছেক্টেৰৰ কাষত ড্ৰ’নটো দেখা গৈছে বুলি জনাইছে বিএছ‌এফে ।

ড্ৰ’নৰ এই বিষয়টোৰ সন্দৰ্ভত এক বিবৃতিত বিএছ‌এফে কয়, ‘১৩ জুলাইৰ নিশা ৯ বাজি ৫২ মিনিটত আৰ্নিয়া ছেক্টৰত আমাৰ বাহিনীৰ জোৱানে ড্ৰ’নৰ পোহৰ দেখি গুলী চালনা কৰে । ইয়াৰ পাছত ড্ৰ’নটো পাকিস্তানৰ দিশে গতি কৰে । এই অঞ্চলটোত আমি তদন্ত আৰম্ভ কৰিছো । কিন্তু এই পৰ্যন্ত একো সন্ধান পোৱা নাই ।’

জুনত ভাৰতীয় বায়ুসেনাৰ বিমান ঘাটিত ড্ৰ’ন বিস্ফোৰণত দুজন জোৱান আহত হৈছিল । ইয়াৰ পাছত প্ৰায় ছবাৰ জম্মুৰ সীমান্তত ড্ৰ’ন দেখা গৈছে ।

Exit mobile version