বেঁকী নৈৰ বুকুত জাহ যাব ওলাইছে শতিকা গৰকা জাকাৰিয়া জামে মছজিদ

প্ৰতিৰোধৰ কামত পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে ৰাইজৰ দুৰ্নীতিৰ অভিযোগ, বেঁকীৰ পাৰত ৰাইজৰ ধৰ্ণা-প্ৰতিবাদ

ভূটানৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ অহা বেঁকী নৈয়ে বছৰ বছৰ ধৰি কাষৰীয়া বিভিন্ন অঞ্চলত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি ইখনৰ পাছত সিখন অনুষ্ঠান-প্ৰতিষ্ঠান, কৃষি ভূমি, ঘৰ-বাৰী সমুলাংশে ধ্বংস কৰি আহিছে ৷

এইবেলি আকৌ বাগসা জিলাৰ সীমান্তৱৰ্তী বৰপেটা জিলাৰ সৰভোগ সমষ্টিৰ চকচকা উন্নয়ণ খণ্ডৰ অধীনস্থ নিচুকাত বেঁকী নৈৰ খহনীয়াই লৈছে তীব্ৰ ৰূপ ৷ নিচুকা গাঁৱত অৱস্থিত এশ বছৰ গৰকা জাকাৰিয়া জামে মছজিদটো বেঁকী নৈৰ খহনীয়াত জাহ যাবলৈ আৰম্ভ কৰিছে ৷

কেইমাহমান আগৰপৰাই খহনীয়া আৰম্ভ হোৱা ৰাইজৰ উপাসনাৰ স্থলী জাকাৰিয়া জামে মছজিদটো বচোৱাৰ লগতে কাষৰীয়া ঠাইবোৰতো খহনীয়া ৰোধৰ বাবে বিগত ফেব্ৰুৱাৰী মাহতেই সেইস্থান নাৱেৰে পৰিদৰ্শন কৰি বিজেপিৰ প্ৰাক্তন সভাপতি তথা সৰভোগ সমষ্টিৰ পূৰ্বৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে বৰপেটা জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সহযোগত এমজিএনৰেগা আঁচনিৰ অধীনত প্ৰায় ৮৪ লাখ টকা ব্যয় সাপেক্ষে নিচুকা গাঁৱৰ পৰা পুৰনি ৰেলৱেৰ বান্ধলৈকে নদীবান্ধৰ কামৰ আৰম্ভ কৰিছিল ৷

কিন্তু এই নদীবান্ধৰ কামত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে বেঁকীৰ পাৰত সমবেত হৈ এক ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

নিচুকা গাঁও পঞ্চায়তৰ সভাপতি আনোৱাৰ মণ্ডল আৰু তেওৰ সাংগোপাংগ সকলৰ বিৰুদ্ধে কামৰ ক্ষেত্ৰত গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ ৮৪ লাখ টকা ব্যয় সাপেক্ষে আৰম্ভ কৰা কাম এতিয়ালৈ মাত্ৰ দুই/তিনিলাখৰহে কৰা বুলি ৰাইজৰ অভিযোগত প্ৰকাশ ৷

নৈপৰীয়া ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু জলসিঞ্চন মন্ত্ৰী পিযুষ হাজৰিকাক বেঁকীৰ খহনীয়া পৰিদৰ্শন কৰাৰ লগতে খহনীয়া ৰোধৰ বাবে ব্যৱহাৰ কৰা ধনৰ ব্যৱহাৰ সন্দৰ্ভত তদন্ত কৰিবলৈ আহ্বান জনায় ৷

আজিৰ এই প্ৰতিবাদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাইজৰ প্ৰতি উদাৰ হওক,সাম্প্ৰদায়িক দাংগা ৰোধ কৰক, সাম্প্ৰদায়িক বিচ্ছেদ ৰোধ কৰক,বিভেদকামী কাম ৰোধ কৰক,সমুহীয়া উন্নয়নত গুৰুত্ব দিয়ক,হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ,হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতি আমি কামনা কৰিছোঁ আদি শ্লোগান দিয়াও পৰিলক্ষিত হয় ৷

Exit mobile version