ই এম অৰূপ কুমাৰ দেৰ প্ৰশংসনীয় পদক্ষেপ

দুৰাৰোগ্য ৰোগী অমৰ দেবনাথক উন্নত চিকিৎসাৰ বাবে জিএমচিএইছ লৈ প্ৰেৰণ

WhatsApp Image 2021 07 15 at 4.01.21 PM

কোকৰাঝাৰ জিলাৰ চিথিলা ভিচিডিচিৰ অন্তৰ্গত বগৰীগুৰী গাওঁৰ বাসিন্দা বীৰেন্দ্ৰ দেবনাথৰ পুত্র অমৰ দেবনাথ(৩০) দীৰ্ঘদিনৰ পৰা দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ বিছানাতে পৰি আছিল।

এই বাতৰি বিভিন্ন সংবাদমাধ্যমত প্ৰকাশ হোৱাৰ লগে লগে বুধবাৰে বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ই এম অৰূপ কুমাৰ দেই দুৰাৰোগ্য ৰোগী অমৰ দেবনাথৰ ঘৰত উপস্থিত হৈ ৰোগীজনৰ স্বাস্থ্যৰ বুজ লয়।

ইয়াৰ পাছতে আজি ৰোগীজনক ব্যাক্তিগতভাবে এম্বুলেঞ্চৰে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে ৰোগীজনৰ চিকিৎসাৰ বাবদ যিমান অৰ্থৰ প্ৰয়োজন হয় সেইয়া ই এম অৰূপ কুমাৰ দেই বহন কৰিব ।

ইপিনে ৰোগীজনক আজি জিএমচিএইছ লৈ প্ৰেৰণ কৰাৰ সময়ত উপস্থিত থাকে চিথিলা ভিচিডিচিৰ অধ্যক্ষ কনকেশ্বৰ ৰায়, সুশান্ত সুত্রধৰ, গোপাল দাস,ৰাম সুত্রধৰ, নাৰায়ণ দাসকে ধৰি বহুকেইজন লোক।

Exit mobile version