এইবাৰ ভার্জিন গেলেক্টিকৰ মহাকাশ যানৰ টিকট কাটিলে স্পেচএক্সৰ এলন মাস্কে

gettyimages 1229893671

মহাকাশ ভ্ৰমণৰ বাবে টিকট কাটিলে বিশ্বৰ এক নম্বৰ ধন কুবেৰ এলন মাস্কে। বন্ধু ব্রিটিছ ধন কুবেৰ ৰিচাৰ্ড ব্রেনছনৰ মহাকাশ প্রতিষ্ঠান ভার্জিন গেলেক্টিকৰ মহাকাশ যান ‘ইউনিটি ২২’ৰ এটি টিকট ক্রয় কৰিলে মাস্কে।

স্বয়ং ব্রেনছনে এই কথা প্রকাশ কৰি জনােৱা অনুসৰি, স্পেচ এক্সৰ মুৰব্বী ঘনিষ্ঠ বন্ধু এলনে প্রথমবাৰ মহাকাশ ভ্ৰমণৰ বাবে ভার্জিন গেলেক্টিকৰ মহাকাশ যানৰ আসন ‘বুক’ কৰিলে।

ব্রেনছনে এক টুইটত কয়, মহাকাশ ভ্ৰমণৰ বাবে এলনে আমাৰ সংস্থাৰ মহাকাশ যান নির্বাচন কৰাত যথেষ্ট আনন্দিত হৈছাে।’ উল্লেখ্য যে মাস্কৰ স্পেচ এক্সেও ষ্টাৰশ্বিপ’ নামৰে এখন মহাকাশ যান তৈয়াৰ কৰিছে আৰু এইখন যানৰে মাস্কে মহাকাশ ভ্রমণ কৰাৰ কথা আছিল।

কিন্তু যােৱা ১১ জুলাইত ব্রেনছনে প্রথমজন অবুদপতি হিচাপে সফলতাৰে নিজ প্রতিষ্ঠানৰ মহাকাশ যানৰে মহাকাশ ভ্রমণ সম্পূর্ণ কৰাত মাস্কে ভার্জিন গেলেক্টিকৰ মহাকাশ যানৰে ভ্ৰমণৰ তৎপৰতা প্রদর্শন কৰিলে। মাস্কে অগ্রিম ১০ হেজাৰ ডলাৰ আদায় দি মহাকাশ ভ্ৰমণৰ বাবে আসন বুক’ কৰা বুলি ব্রেনছনে জানিবলৈ দিয়ে।

Exit mobile version