ক’ভিড বিধি ভংগ কৰিলে দায়ী হ’ব বিষয়া, গৃহ মন্ত্ৰণালয়ৰ পত্ৰ ৰাজ্যসমূহলৈ

কঠোৰ ৰূপায়ণত ব্যৰ্থ দায়িত্ববাহী বিষয়াক ব্যক্তিগতভাৱে দায়ী কৰাৰ কঠোৰ নিৰ্দেশ

pti06032021000185a 1 993574 1622763627

নাগৰিকৰ ক’ভিড বিধি ভংগৰ বাবে ব্যক্তিগতভাৱে দায়বদ্ধ হ’ব সংশ্লিষ্ট দায়িত্ববাহী বিষয়া । কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত কঠোৰ নিৰ্দেশ প্ৰেৰণ কৰে । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ মুখ্য সচিব অজয় ভাল্লাই সকলো ৰাজ্যৰে গৃহ সচিবসকললৈ প্ৰেৰণ কৰা নিৰ্দেশত কোৱা হৈছে যে ক’ভিড বিধিৰ কঠোৰ ৰূপায়ণৰ ক্ষেত্ৰত যিকোনো ধৰণৰ অনীহাৰ বাবে সংশ্লিষ্ট বিষয়াক ব্যক্তিগতভাৱে দায়বদ্ধ কৰিব লাগিব । সমাৱেশস্থলী নিয়ন্ত্ৰণ আৰু ক’ভিড ব্যৱস্থাপনা সম্পৰ্কীয় সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে জিলা প্ৰশাসন আৰু অন্যান্য সকলো স্থানীয় সংশ্লিষ্ট কৰ্তৃপক্ষলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিবলৈ কেন্দ্ৰীয় গৃহ সচিবে ৰাজ্য চৰকাৰে মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰে ।

এই পত্ৰত কোৱা হৈছে যে দেশজুৰি ক’ভিড সংক্ৰমণৰ হাৰ হ্ৰাস পোৱাত ৰাজ্যসমূহে পৰ্যায়ক্ৰমে বিভিন্ন ক্ষেত্ৰবোৰ মুকলি কৰিবলৈ ধৰিছে । যোৱা ১৯ জুনত কেন্দ্ৰীয় গৃহ সচিবে সাৱধানতাৰে নিষেধাজ্ঞা পৰিহাৰ কৰিবলৈ ৰাজ্যসমূহলৈ পত্ৰ প্ৰেৰণ কৰিছিল ।

যোৱা ২৯ জুনত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ২৮ জুনৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰামৰ্শৰ ভিত্তিত ক’ভিড ব্যৱস্থাপনাৰ বাবে লক্ষ্য নিৰ্ধাৰিত আৰু খৰতকীয়া ব্যৱস্থা ৰূপায়ণৰ উদ্দেশ্যে জাৰি কৰা নিৰ্দেশৰ প্ৰসংগ উত্থাপন কৰি পত্ৰখনত কোৱা হৈছে যে দেশৰ বিভিন্ন অঞ্চলত বিশেষকৈ ৰাজহুৱা পৰিবহণ আৰু পাহাৰীয়া পৰ্যটন অঞ্চলসমূহত ভয়াবহ ৰূপত ক’ভিড বিধি ভংগ কৰা হৈছে । একেদৰে বজাৰতো সামাজিক দূৰত্ব আদিৰ দৰে বিধি ভংগ কৰি বৃহৎ জনসমাৱেশ পৰিলক্ষিত হৈছে ।

ফলত ক’ভিডৰ দ্ৰুত সংক্ৰমণৰ সূচক (আৰ ফেক্টৰ)ৰ ১.০তকৈ অধিক বৃদ্ধি উদ্বেগৰ বিষয় বুলি কেন্দ্ৰীয় গৃহ সচিব ভাল্লাই পত্ৰত উল্লেখ কৰি কয়, ‘এই বিষয়ে আপোনালোকে অৱগত যে আৰ ফেক্টৰ ১.০তকৈ অধিক হোৱাটোৱে ক’ভিড সংক্ৰমণ বিয়পি পৰাকে বুজায় । সেয়েহে সকলো ৰাজহুৱা স্থান যেনে দোকান, মল, বজাৰ, বজাৰ চৌহদ, সাপ্তাহিক বজাৰ, ৰেস্তোৰাঁ আৰু পানশালা, পাইকাৰী বজাৰ, বাছ আস্থান, ৰেল ষ্টেছন, ৰাজহুৱা উদ্যান, ব্যায়ামাগাৰ, ক্ৰীড়া চৌহদ আদিৰ লগতে ক’ভিড ভাইৰাছৰ হটস্পটৰূপে চিহ্নিত অঞ্চলত সেয়েহে ক’ভিড বিধি পালন নিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক দায়বদ্ধ কৰাটো গুৰুত্বপূৰ্ণ ।’

এইদৰে উল্লেখ কৰি পত্ৰত লগতে কোৱা হৈছে যে এনে বিধিনিষেধ উলংঘা হ’লে সংশ্লিষ্ট দায়িত্বৰত বিষয়াসকল দায়ী হ’ব । একে সময়তে নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’ব লাগিব । ‘এই কথাত গুৰুত্ব আৰোপ কৰিব লাগিব যে ক’ভিডৰ দ্বিতীয় ঢৌ এতিয়াও অন্ত পৰা নাই ।’ গৃহ সচিবে এইদৰে সকীয়াই দিয়ে । সেয়েহে ক’ভিড বিধি পালন নিশ্চিতকৰণৰ সমান্তৰালভাৱে টিকাকৰণৰ ওপৰতো কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গুৰুত্ব আৰোপ কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ দিছে । এই ক্ষেত্ৰত কোনো ধৰণৰ হেমাহিৰ স্থান নাই বুলিও তেওঁ উল্লেখ কৰে ।

ক’ভিড পৰীক্ষাও পৰ্যাপ্তভাৱে কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এই পত্ৰখনত নিৰ্দেশ দিছে । ‘কৰ’না ভাইৰাছ ৰোধ আৰু সংক্ৰমণ প্ৰথমাৱস্থাতে চিনাক্তকৰণৰ বাবে পৰীক্ষা কৰাটো অত্যধিক প্ৰয়োজনীয় । সংক্ৰমণৰ হাৰ হ্ৰাস পোৱাৰ লগে লগে যাতে প্ৰশাসনীয় অনীহা আৰু অসন্তুষ্টিৰ পৰিৱেশ সৃষ্টি নহয় তাৰ প্ৰতি সাৱধান হ’বলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে পত্ৰযোগে সকীয়াই দি কয় যে এনে পৰিস্থিতিৰ বিপৰীতে সংক্ৰমণৰ নিম্ন হাৰৰ সময়তে সম্ভাব্য সংক্ৰমণ ৰোধৰ ব্যৱস্থা ল’ব লাগে । পত্ৰত পুনৰ উল্লেখ কৰা হয় যে ক’ভিড বিধিৰ কঠোৰ ৰূপায়ণত অসাৱধানতাৰ বাবে সংশ্লিষ্ট বিষয়া ব্যক্তিগতভাৱে দায়বদ্ধ হ’ব । ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা এই নিৰ্দেশ ৰাইজৰ মাজত ব্যাপকভাৱে প্ৰচাৰ কৰিব লাগে বুলি উল্লেখ কৰি ইয়াক তৃণমূল পৰ্যায়লৈ বিয়পাই দিব লাগে যাতে উপযুক্ত ৰূপায়ণ হয় ।

Exit mobile version