★ স্মৃতিশক্তি বৃদ্ধি
যিকোনো লোকৰে স্মৃতিশক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত ব্ৰাহ্মী শাকে যথেষ্ট সহায় কৰে ৷ ব্ৰাহ্মী শাকে শিকাৰ ক্ষমতা বৃদ্ধি কৰে বুলি এক গৱেষণাত প্ৰকাশ পাইছে ৷ ব্ৰাহ্মীয়ে মগজুৰ সংজ্ঞাত্মক ক্ৰিয়া বৃদ্ধি কৰি মনোনিৱেশৰ শক্তি বৃদ্ধি কৰে ৷
★ এলজাইমাৰ
পাৰ্কিনচন,এলজাইমাৰৰ দৰে কিছুমান স্নায়ুৰ সমস্যাই ব্যক্তিৰ স্মৃতিশক্তিৰ ক্ষমতা হ্ৰাস কৰে ৷ এই ক্ষেত্ৰত ব্ৰাহ্মী শাকে স্মৃতিশক্তি বৃদ্ধি কৰাৰ উপৰিও মগজুৰ কোষসমূহ পুনঃগঠনত সহায় কৰে ৷ এলজাইমাৰৰ দৰে স্নায়ুৰ সমস্যাৰ ক্ষেত্ৰত ব্ৰহ্মী শাক যথেষ্ট উপযোগী ৷
★ দুঃচিন্তা আৰু উদ্বেগ হ্ৰাস কৰে
আমাৰ দৈনন্দিন জীৱনত দুঃচিন্তা, উদ্বেগ, ভয়, শংকা আদিয়ে খেদি ফুৰে, বিশেষকৈ এক অনিশ্চয়তাৰ ভৱিষ্যতে আমাৰ এই চিন্তাসমূহ বৃদ্ধি কৰে ৷ এই সমূস্যাসমূহে এজন ব্যক্তিৰ কেৱল মানসিক স্বাস্থ্যত প্ৰভাৱ পেলোৱাই নহয় শাৰিৰীক স্বাস্থ্যতো যথেষ্ট প্ৰভাৱ পেলায় ৷ এই ক্ষেত্ৰত ব্ৰাহ্মী এনে এবিধ ভেষজ যি ব্যক্তিৰ শৰীৰত কৰ্টিজল বা চিন্তাৰ হৰমন হ্ৰাস কৰাত সহায় কৰে
★ নিদ্ৰাজনিত সমস্যা
যতিয়া আপোনাৰ মগত একেলগে কেইবাটাও চিন্তাই দেখা দিয়ে, ই আপোনাৰ নিদ্ৰাৰ ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পেলায় ৷ ব্ৰাহ্মীয়ে নিদ্ৰাৰ মাত্ৰা উন্নত কৰি, মগজুক শান্ত তথা শিথিল কৰাত সহায় কৰে ৷
★ মধুমেহ
শেহতীয়া এক অধ্যয়নত প্ৰকাশ পাইছে যে ব্ৰাহ্মীক মধুমেহ ৰোগৰ দৰৱ হিচাপেও ব্যৱহাৰ কৰিব পাৰি ৷ ব্ৰাহ্মীয়ে শৰীৰত ৰক্ত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে যাৰ ফলত মধিমেহ ৰোগ নিয়ন্ত্ৰণ হৈ থাকে ৷
★ এন্টিঅক্সিডেন্ট
ব্ৰহ্মি এন্টিঅক্সিডেন্ট বৈশিষ্টযুক্ত ৷ ই শৰীৰ কোষ সমূগ ধ্বংস কৰিব পৰা ৰেডিকেল সমূহৰ পৰা কোষক সুৰক্ষা প্ৰদান কৰে ৷ এই ৰেডিকেলসমূহ ব্যক্তিৰ শৰীৰত কেন্সাৰ ৰোগৰ সৃষ্টি কৰিব পাৰে ৷