লাডাখৰ পৰিৱেশ দূষিত কৰাৰ গুৰুতৰ অভিযােগ উত্থাপিত হ’ল বলিউডৰ মহাতাৰকা অভিনেতা আমিৰ খানৰ বিৰুদ্ধে। আমিৰৰ নির্মীয়মান ছবি ‘লাল সিং চাড্ডা’ৰ দৃশ্যগ্ৰহণৰ সময়ত ছবিৰ ইউনিটৰ লােকসকলে লাডাখৰ প্ৰাকৃতিক পৰিবেশৰ ক্ষতিসাধন কৰাৰ অভিযােগ উঠিছিল।
এই সন্দৰ্ভত আমিৰ খান প্ৰডাকচনে বুধবাৰে এক বিবৃতি প্রকাশৰে অভিযােগ অস্বীকাৰ কৰি ইনষ্টাগ্রামত কয়, ‘আমি স্পষ্ট কৰি দিব বিচাৰাে যে সংস্থা হিচাপে আমি সকলাে বিধি নিষেধ আখৰে আখৰে পালন কৰি আহিছাে। যি স্থানত দৃশ্যগ্ৰহণ কৰা হয়, তাৰ আশে-পাশে পৰিচ্ছন্নতা মানি চলা হয়।
ইয়াৰ বাবে আমাৰ ইউনিটত পৃথক দল আছে আৰু তেওঁলােকে দৃশ্যগ্ৰহণৰ স্থানৰ পৰা আৱৰ্জনা সকলাে সময়তে পৰিস্কাৰ কৰি ৰাখে। দৃশ্যগ্রহণ সম্পূর্ণ হােৱাৰ পাছততা সমগ্র স্থান ভালদৰে পৰীক্ষা কৰি চোৱা হয় যাতে ক’ততা আৱৰ্জনা পৰি থাকিব নােৱাৰে।
দৃশ্যগ্ৰহণৰ কাম সমাপ্ত কৰাৰ পাছত আমি এই কথা নিশ্চিত কৰাে যাতে উক্ত অঞ্চল পূর্বৰ দৰে বা তাতােকৈ অধিক পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকে। আমি প্রত্যক্ষ কৰিছাে যে আমাৰ বিৰুদ্ধে কিছু গুজৱ প্ৰচাৰ কৰা হৈছে।পৰিবেশ প্ৰদূষণৰ অভিযােগ অনা হৈছে।
আমি এনে সকলাে অভিযােগৰ বিৰােধিতা কৰিছাে। স্থানীয় প্রশাসনে দৃশ্যগ্ৰহণৰ স্থানলৈ আহি পর্যবেক্ষণ কৰিব পাৰিব। “উল্লেখ্য যে জিগমত লাডাখী নামৰ এজন লােকে টুইটাৰত অলপতে এক ভিডিঅ’ প’ষ্ট কৰি অ’ত-ত’ত প্লাষ্টিকৰ বটল পৰি থকাৰ প্ৰমাণ দাঙি ধৰি লাডাখৰ উয়াখা গাঁৱক আমি খানৰ ছবিৰ দলটোৱে এনে আৱৰ্জনা উপহাৰ দিয়া বুলি কটাক্ষ কৰিছিল।
This is the gift Bollywood star Amir Khan's upcoming movie Lal Singh Chada has left for the villagers of Wakha in Ladakh.
Amir Khan himself talks big about environmental cleanliness at Satyamev Jayate but this is what happens when it comes to himself. pic.twitter.com/exCE3bGHyB— Jigmat Ladakhi 🇮🇳 (@nontsay) July 8, 2021