অধিক জটিল আফগান পৰিস্থিতি, এইবাৰ পাকিস্তান সীমান্তৰ চহৰো দখল কৰিলে তালিবানে

h 56647528

আফগানিস্তানৰ পৰা আমেৰিকাৰ সেনা আঁতৰ হোৱাৰ লগে লগে এটাৰ পাছত এটা অঞ্চল দখল কৰিছে তালিবানে । বুধবাৰে পাকিস্তানৰ সীমান্ত প্ৰান্ত কান্দাহাৰ প্ৰদেশৰ স্পিন বলডাক চহৰ দখল কৰে তেওঁলোকে । এই দাবীৰ সন্দৰ্ভত তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে সংবাদ মাধ্যমৰ আগত কয়, ‘অঞ্চল আমাৰেই । কাবুল প্ৰশাসনৰ এই দাবী ভিত্তিহীন । প্ৰচাৰ কৌশল মাত্ৰ ।’ বৃহস্পতিবাৰে তালিবানৰ দাবীত ছিলমোহৰ দিলে পাকিস্তানেও ।

মে’ৰ আৰম্ভণিৰ পৰাই আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰ কৰা আৰম্ভ কৰিছে আমেৰিকাই । ৰাষ্ট্ৰপতি জ’ বাইডেনে জনায়, ১১ ছেপ্টেম্বৰৰ ভিতৰত এই প্ৰক্ৰিয়া সমাপ্ত কৰা হ’ব । ইয়াৰ পাছতেই দেশজুৰি সক্ৰিয়তা বাঢ়িছে তালিবানত । ইতিমধ্যে ইৰাণ সীমান্তত ইছলাম কালা আৰু তুৰ্কমেনিস্তান সীমান্ত প্ৰান্ত টোৰঘোণ্ডি চহৰ দখল কৰিছে তেওঁলোকে । গজনিটো তালিবান আগ্ৰাসনৰ বাবে পিছুৱাইছে আফগান প্ৰশাসনে ।

এইবাৰ তেওঁলোকে পাক সীমান্তৰ কাষৰ দ্বিতীয় গুৰুত্বপূৰ্ণ চহৰ স্পিন বলডাক দখল কৰাৰ শংকা প্ৰকাশ কৰিছে পাকিস্তানে । উত্তেজনা হ্ৰাস কৰিবলৈ স্পিন বলডাকৰ মুখামুখি চমন অঞ্চল বন্ধ কৰিছে তেওঁলোকে । সীমান্তৱৰ্তী এই চহৰসমূহ আফগানিস্তানৰ ৰাষ্ট্ৰীয় আয়ৰ অন্যতম উৎস । সেয়ে এইসমূহকে প্ৰাথমিকভাৱে সন্ত্ৰাসবাদীসকলে লক্ষ্য কৰিছে বুলি ধাৰণা কৰা হৈছে ।

আফগানিস্তানৰ পৰা আমেৰিকাৰ সেনা প্ৰত্যাহাৰৰ সিদ্ধান্তক ‘ভুল’ বুলিয়ে ধাৰণা কৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিও বুশ্বে । বুধবাৰে জাৰ্মানীৰ এক সংবাদ সংস্থাক দিয়া সাক্ষাৎকাৰত তেওঁ এই কথা কয় । এই প্ৰসংগত জাৰ্মানীৰ চেন্সেলৰ আংগেলা মাৰ্কেলো সহমত পোষণ কৰিব বুলি তেওঁ আশাবাদী ।

২০০১ত ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণ হোৱাৰ পাছত আফগানিস্তানত সেনা প্ৰেৰণ কৰিছিল জৰ্জ বুশ্বে । প্ৰায় দুদশকৰ পাছত সেনা প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বাইডেন প্ৰশাসনে । এই প্ৰসংগত বুশ্বে কয়, ‘সেনা প্ৰত্যাহাৰ কৰাৰ ফলত আফগানৰ মহিলাসকলৰ অবৰ্ণনীয় ক্ষতিসাধন হ’ব । নৃশংস লোকসকলৰ হাতত সাধাৰণ লোক বলি হ’ব লাগিব এই কথা ভাবিয়ে মোৰ মন‌ ভাঙি পৰে ।’

Exit mobile version