এমাহত বন্ধ ২০লাখ ভাৰতীয় একাউন্ট, ‘অপব্যৱহাৰ’ বন্ধ কৰিবলৈ সক্ৰিয় হোৱাটছএপ

947009 whatsapp

এক মাহত ২০লাখৰো অধিক ভাৰতীয় একাউন্ট নিষিদ্ধ কৰিছে হোৱাটছএপে । ক্ষতিকাৰক আচৰণ আৰু সামাজিক মাধ্যমক অপব্যৱহাৰৰ প্ৰৱণতা নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে বুলি হোৱাটছএপৰ তৰফৰ পৰা জানিবলৈ দিয়ে ।

হোৱাটছএপ কৰ্তৃপক্ষই বৃহস্পতিবাৰে দেশৰ নতুন তথ্য প্ৰযুক্তি আইনৰ নিৰ্দেশনা অনুসৰি প্ৰথম নিৰ্দেশনা প্ৰতিবেদন প্ৰকাশ কৰিছে । ইয়াত কোৱা হৈছে যে সামাজিক মাধ্যমৰ অপব্যৱহাৰ চিনাক্ত কৰা আৰু দাখিল কৰা অভিযোগবোৰ পৰীক্ষা কৰাৰ পাছত ১৫ মে’ৰ পৰা ১৫ জুন, ২০২১ৰ ভিতৰত ২০ লাখ একাউণ্ট নিষিদ্ধ কৰা হৈছে ।

ইয়াৰে বৃহৎ পৰিমাণত ক্ষতিকাৰক আৰু অশালীন বাৰ্তা প্ৰেৰণ কৰাৰ অভিযোগত ৯৫ শতাংশৰো অধিক অভিযোগত পদক্ষেপ গ্ৰহণ কৰা হৈছে । ইয়াৰ ভিতৰত আছে হেকিং আৰু প্ৰৱঞ্চনাৰ ঘটনাও ।

হোৱাটছএপ কৰ্তৃপক্ষই লগতে কয় যে সেই সময়সীমাৰ ভিতৰত নতুন আইটি আইনৰ অধীনত ব্যৱস্থা লোৱাৰ বাবে মুঠ ২০৪ টা অভিযোগ প্ৰাপ্ত হৈছে । যাৰ ভিতৰত ৬৩ টা গোচৰত অভিযোগ প্ৰমাণিত হোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ১৫ মে’ৰ পৰা ১৫ জুনৰ ভিতৰত, ফেচবুকে ভাৰতীয় ব্যৱহাৰকাৰীসকলৰ মাজত এনে ৬৪৬ টা ঘটনাৰ অভিযোগ লাভ কৰাৰ বাবে পদক্ষেপ লৈছে ।

Exit mobile version