ৰাষ্ট্ৰপতি হ’ব নিবিচাৰে পাৱাৰে, ২০২৪ৰ কথাও কৰা নাই চিন্তা

sharad pawar 2 1008673 1626279882

দেশৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ কোনো পৰিকল্পনা গ্ৰহণ কৰা নাই এনচিপিচিৰ মুৰব্বী শাৰদ পাৱাৰে । এই সন্দৰ্ভত কালি নিজৰ স্থিতি স্পষ্ট কৰি এন চি পি চিৰ মুৰব্বীয়ে এইদৰে কয়, ‘ম‌ই ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ প্ৰাৰ্থী হ’ম বুলি প্ৰচাৰিত বাতৰিটো একেবাৰে ভুল খবৰ । ম‌ই ভালদৰে জানো ইয়াৰ ফলাফল কি হ’ব পাৰে ? যিদলৰ হাতত ৩০০ ৰো অধিক সাংসদ আছে, তেওঁলোকেই জয়লাভ কৰিব । নিশ্চিতভাৱে ম‌ই ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত প্ৰাৰ্থী হিচাপে থিয় নিদিওঁ ।’

উল্লেখ্য যে কিছুদিন পূৰ্বে পাৱাৰে দুবাৰকৈ নিৰ্বাচন ৰণনীতিকাৰ প্ৰশান্ত কিশোৰক সাক্ষাৎ কৰিছিল । এই সাক্ষাতৰ পাছতে পাৱাৰে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি এক বাতৰি প্ৰচাৰিত হৈছিল ।

কিশোৰৰ স’তে বৈঠকৰ সন্দৰ্ভতো মন্তব্য কৰি পাৱাৰে কয়, ‘প্ৰশান্ত কিশোৰৰ স’তে মাত্ৰ দুবাৰ মোৰ আলোচনা হৈছে । অৱশ্যে ২০২৪ত নিৰ্বাচনত কোনো অগ্ৰণী ভূমিকা লোৱাৰ সন্দৰ্ভত ম‌ই তেওঁৰ স’তে আলোচনা কৰা নাই । ২০২৪ৰ নিৰ্বাচন বা ৰাষ্ট্ৰপতিৰ নিৰ্বাচন, কোনো বিষয়তে ম‌ই কিশোৰৰ স’তে আলোচনা কৰা নাই । ২০২৪ৰ নিৰ্বাচন বা ৰাষ্ট্ৰপতিৰ নিৰ্বাচন, কোনো বিষয়তে ম‌ই কিশোৰৰ স’তে আলোচনা কৰা নাই । কিশোৰে মোক জনোৱা অনুসৰি, তেওঁ নিৰ্বাচন ৰণনীতিকাৰৰ কাম বাদ দিছে । ম‌ই এতিয়া ২০২৪ৰ নিৰ্বাচনত নেতৃত্বদানৰ কথা ভবা নাই ।’

Exit mobile version