৪০ ফুট গভীৰ কুঁৱাত পৰিল এগৰাকী আঠ বছৰীয়া কিশোৰী। তেওঁক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰোঁতে প্ৰায় ৩০ জন গাওঁবাসী পৰিল সেই কুঁৱাত । সংবাদ সংস্থা এএনআইৰ সূত্ৰই কয় যে এতিয়ালৈকে দুৰ্ঘটনাটোত তিনিজন লোকৰ মৃত্যু হৈছে। ঘটনাটো বৃহস্পতিবাৰে নিশা মধ্য প্ৰদেশৰ বিদিশা জিলাৰ গঞ্জ বাচোদা গাঁৱত সংঘটিত হয়।

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘটনাটোত শোক প্ৰকাশ কৰিছে। তেওঁ ঘটনাটোৰ বিষয়ে টুইট কৰি কয় যে উদ্ধাৰ অভিযান চলি আছে। তেওঁ ঘটনাটোত মৃতকৰ পৰিয়ালৰ প্ৰতি শোক প্ৰকাশ কৰিছে। ঘটনাটোৰ ওপৰত চকু ৰখাৰ কথাও কয় মন্ত্ৰীগৰাকীয়ে। চৌহানে ৰাজ্যৰ চিকিৎসা শিক্ষা মন্ত্ৰী বিশ্বাস কৈলাশ চাৰংক ঘটনাস্থলীলৈ পঠিয়াই।
गंजबासौदा में हुई दुर्घटना में अब तक दो लोगों के निधन की दुःखद सूचना मिली है, उनके शव निकाले जा चुके हैं। मैं उन्हें श्रद्धांजलि अर्पित करता हूँ और ईश्वर से प्रार्थना करता हूँ कि वे दिवंगत आत्माओं को शांति दें। बचावकार्य अभी जारी है, मैं लगातार मॉनिटरिंग कर रहा हूँ।
— Shivraj Singh Chouhan (मोदी का परिवार ) (@ChouhanShivraj) July 15, 2021
তথ্য অনুসৰি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে। এতিয়ালৈকে ২৩ জন লোকক উদ্ধাৰ কৰা হৈছে। তেওঁলোকৰ ১৩ জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এজন বিষয়াই জানিবলৈ দিয়ে যে ছোৱালীজনীক এতিয়াও উদ্ধাৰ কৰা হোৱা নাই।






























