অস্ত্ৰোপ্ৰচাৰ কৰি তোলা হ’ল অতিৰিক্ত ৮২ টা দাঁত, নাম নীতিশ কুমাৰ

Nitish Kumar Ke 82 Teeth

যদি সোধা হয়, এজন প্ৰাপ্তবয়স্ক পুৰুষৰ কিমান দাঁত থাকে । উত্তৰটো নিশ্চিতভাৱে ৩২। কিন্তু বিহাৰৰ নীতিশ কুমাৰৰ আছে ১১৪ টা দাঁত ! এইটো অবিশ্বাস্য যেন লাগিলেও, কিন্তু এইটো সত্য ।

নীতিশ কুমাৰ বিহাৰৰ চাটেৰোৰ এজন যুৱক । চিকিৎসকসকলে জনাইছিল, নীতিশ যোৱা পাঁচ বছৰ ধৰি টিউমাৰৰ কাৰণে এই সমস্যাটোত ভুগি আছে।এক লাখৰ ভিতৰত এজন লোকৰ এনেকোৱা ধৰণৰ সমস্যা হয় বুলি জনাইছে চিকিৎসকে ।

পাটনাৰ গান্ধী ইনষ্টিটিউট অৱ মেডিকেল চায়েন্স(আইজিআইএমএছ)এত ভৰ্তি কৰোৱা হয় নীতিশক।

চিকিৎসকসকলে স্কেন কৰি দেখিছিল যে নীতিশৰ মুখখন অতিৰিক্ত দাঁতৰ বাবে নীতিশৰ মুখ বিকৃতি হৈ গৈছে।সেই অডণ্টম টিউমাৰ টো অতি বিৰল। চিকিৎসকসকলে জনাইছে যে দাঁতৰ বিকাশৰ সমস্যাৰ বাবে এই টিউমাৰ সৃষ্টি হৈছে । অস্ত্ৰোপচাৰৰ জৰিয়তে নীতিশৰ অতিৰিক্ত ৮২ টা দাঁত আঁতৰ কৰা হৈছে। চিকিৎসকসকলে কয় যে নীতিশ এতিয়াৰ বাবে সুস্থ অৱস্থাত আছে।

Exit mobile version