কৰ’না অতিমাৰীত ‘জীৱন সংকট’ত দুই কোটি শিশুৰ

ক’ভিড অতিমাৰীৰ ব্যাপক সংক্রমণৰ পৰিপ্ৰেক্ষিতত বিগত বৰ্ষত বিশ্বৰ প্রায় দুই কোটি ৩০ লাখ শিশুৱে পলিঅ’, হামৰ দৰে প্রতিষেধক লাভৰ পৰা বঞ্চিত হয়। শিশুসকল এইদৰে এনেবােৰ প্রতিষেধক লাভৰ পৰা বঞ্চিত হােৱাৰ ফলত বিশ্বত নতুনকৈ এই ধৰণৰ ভাইৰাছ সক্রিয় হৈ উঠিব পাৰে বুলি সতর্ক বার্তা দিলে ৰাষ্ট্ৰসংঘই।

বিশ্ব স্বাস্থ্য সংস্থা (হু) আৰু ৰাষ্ট্ৰসংঘৰ শিশু নিধিয়ে যুগুত কৰা বার্ষিক প্রতিবেদনত উল্লেখ কৰা অনুসৰি, কৰ’নাৰ তৃতীয় ঢৌৰ আগমন বিশ্বৰ বিভিন্ন দেশত ইতিমধ্যে প্রত্যক্ষ হৈছে আৰু ক’ভিডৰ এই সংক্রমণে শিশুসকলক সর্বাধিক ক্ষতিগ্রস্ত কৰাৰ শংকা আছে। কিয়নাে শিশুসকলেও এতিয়াও ক’ভিডৰ প্রতিষেধক লাভ কৰা নাই।

কিন্তু কেৱল ক’ভিড প্রতিষেধকৰ পৰা বঞ্চিত হােৱাই নহয়, বিশ্বৰ দুই কোটিৰাে অধিক শিশুৱে বিগত এবছৰ ধৰি পলিঅ’, হাম, ডিপথেৰিয়া, টিটেনাছৰ দৰে টিকাসমূহৰ যােগান লাভ ৰা নাই। এইদৰে বিশ্বৰ বৃহৎসংখ্যক শিশুক প্রাপ্য টিকাৰ পৰা বঞ্চিত কৰাৰ ফলত শিশুসকলক একাধিক সংক্রামক ৰােগৰ সন্মুখলৈ ঠেলি দিয়া হৈছে বুলিও এই প্রতিবেদনত হুৱে উল্লেখ কৰিছে।

একেখন প্রতিবেদনত উল্লেখ কৰা অনুসৰি, বিশ্বৰ যিসমূহ দেশত বিগত এবছৰ ধৰি শিশুৰ সূচীবদ্ধ টিকাৰণ কৰা হােৱা নাই অথবা সীমিত পৰিমাণত কৰা হৈছে; সেইসমূহ দেশৰ তালিকাত ভাৰতৰ নামাে আছে। বিশেষজ্ঞসকলৰ মতে, বিভিন্ন দেশত বর্তমানে কৰ’না বিধি শিথিল কৰা হৈছে।

ইফালে, ক’ভিডৰ প্রতিষেধকতাে বাদেই, অন্য যি ৰােগৰ টিকা বজাৰত পর্যাপ্ত পৰিমাণত আছে; সেইসমূহ টিকাও শিশুক প্রদান কৰা হােৱা নাই। ইয়াৰ ফলত সংক্রামক ৰােগৰ বীজাণু বৃদ্ধি পাব আৰু এনে বীজাণুৰ সংক্ৰমণ ক্ষমতাও বাঢ়িব। যিসমূহ ৰােগ প্রতিষেধক প্ৰদানৰ জৰিয়তে প্ৰতিৰােধ কৰিব পাৰি, শিশুসকলক সেই ৰােগৰ প্রতিষেধক বিগত এবছৰে প্ৰদান নকৰাৰ ফলত ৰােগ সংক্ৰমণৰ শংকা অধিক প্ৰকট হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ প্রতিষেধক আৰু ৰােগ প্ৰতিৰােধ বিভাগৰ মুৰব্বী কে’ট অব্রায়ানে এই সন্দৰ্ভত মন্তব্য কৰি কয়, ২০২১ত মাৰাত্মক ৰােগৰ সংক্রমণ বৃদ্ধিৰ বাবে আমি এক পৰিবেশৰ সৃষ্টি কৰিলাে। বিভিন্ন ৰােগৰ প্রতিষেধক শিশুসকলক প্রদান নকৰাৰ ফলত যিকোনাে পুৰণি ৰােগৰ ব্যাপক সংক্রমণৰ সম্ভাৱনা প্ৰকট হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাই লগতে কয় যে মিজলছ (আই) বা হাম হৈছে এবিধ অতি সংক্রামক ব্যাধি। পাঁচ বছৰৰ তলৰ বয়সৰ শিশুৰ এই ৰােগত মৃত্যুৰ যথেষ্ট শংকাও থাকে। বিশেষকৈ আফ্রিকা আৰু এছিয়াৰ শিশুসকলৰ স্বাস্থ্য তুলনামূলকভাৱে দুর্বল হােৱা হেতুকে বিভিন্ন টিকাকৰণ বিগত এবছৰে বিশ্বৰ বিভিন্ন দেশত বন্ধ হৈ থকাৰ পৰিণতিত পলিঅ ভাইৰাছৰ দৰে ৰােগৰ সংক্রমণে যিকোনাে শিশুক পংগু কৰাৰ শংকা আছে।

শিশুসকলক অন্যান্য ৰােগৰ প্ৰতিষেধকৰ পৰা বঞ্চিত কৰাটো দুখজনক ঘটনা বুলিও বিশ্ব স্বাস্থ্য সংস্থাই মন্তব্য কৰিছে।

Exit mobile version