নাম ভৰ্তি কৰিবলৈ ,ক্লাছ আৰম্ভ কৰিবলৈ, দেশৰ সকলো মহাবিদ্যালয়ক নিৰ্দেশ পঠালে ইউজিচিয়ে

1600x960 380083 ugc

কৰ’নাৰ ভয়াবহতাৰ মাজতে কলেজ বিশ্ববিদ্যালয়ত নামভৰ্ত্তি প্ৰক্ৰিয়া আৰু ক্লাছ আৰম্ভ কৰাৰ দিন জনালে বিশ্ববিদ্যালয়ৰ মঞ্জুৰী কমিছন (ইউজিছি)য়ে । শিক্ষানুষ্ঠানসমূহক ইউজিছিয়ে জনাইছে যে স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বছৰৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া ৩০ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগে।

কলেজ,বিশ্ববিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী সকলৰ খালী ঠাই পুৰণ কৰাৰ অন্তিম দিন ৩১ অক্টোবৰ। । যদিও, তাৰ আগতে অৰ্থাৎ এক অক্টোবৰৰ আগতে প্ৰথম বৰ্ষৰ ক্লাছ আৰম্ভ কৰিব লাগিব বুলি জনাইছে ইউজিচিয়ে ।

ইউজিচিয়ে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ বাৰ্ষিক শিক্ষাৰ সময়সূচী ঘোষণা কৰিছে। কোৱা হৈছে যে চূড়ান্ত বৰ্ষৰ পৰীক্ষা সমূহ অনলাইন বা অফলাইনত ৩১ আগষ্টৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব। বাকী বৰ্ষ বা ছেমিষ্টাৰৰ শিক্ষাৰ্থীসকলক আগৰ বছৰ বা ছেমিষ্টাৰৰ ফলাফল অনুসৰি মূল্যাঙ্কন কৰা হ’ব।

ইউজিচিয়ে জাৰি কৰা এক জাননীত কোৱা হৈছে, “চিবিএছই, আইচিএছই বা বিভিন্ন ৰাজ্যৰ বোৰ্ডৰ ফলাফল প্ৰকাশ হোৱাৰ পাছতহে মহাবিদ্যালয়সমূহে ২০২১-২২ শিক্ষাবৰ্ষৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব। চিবিএছই, আইচিএছই বা বিভিন্ন ৰাজ্যৰ বোৰ্ডৰ ফলাফল ৩১ জুলাইৰ ভিতৰত প্ৰকাশ কৰা হ’ব বুলি আশা কৰা হৈছে। নিৰ্দেশনাৱলীত কোৱা হৈছে যে দ্বাদশ শ্ৰেণীৰ ফলাফল দেৰি হ’লে প্ৰথম বৰ্ষৰ শ্ৰেণী আৰম্ভ কৰাৰ সময়সীমা ১৮ অক্টোবৰলৈ বৃদ্ধি কৰিব পাৰি।

Exit mobile version