মুকলি কৰা হ’ল শাবাৰীমালা মন্দিৰ, ক’ভিডৰ কঠোৰ নিয়ম পালন কৰিব লাগিব দৰ্শনার্থীসকলে

img

কৰ’না মহামাৰীৰ বাবে বন্ধ আছিল কেৰালাৰ শাবাৰীমালা মন্দিৰ । সংক্ৰমণ এৰাই চলিবলৈ বন্ধ কৰা হৈছিল মন্দিৰৰ দুৱাৰ। অৱশেষত শনিবাৰে দৰ্শনাৰ্থীসকলৰ বাবে মুকলি কৰা হ’ল শাবাৰীমালা মন্দিৰ । মন্দিৰৰ ফালৰ পৰা জনোৱা হৈছে ২১ জুলাইৰ পৰ্যন্ত খোলা হ’ব মন্দিৰ ।

কেৰালাত এতিয়াও নতুন হাৰত কৰ’না সংক্ৰমণ বৃদ্ধি হৈ আছে। সেয়েহে, এই পৰিৱেশত, মন্দিৰত কঠোৰ ক’ভিড নিয়ম অনুসৰণ কৰিব লাগিব। শাবাৰীমালা মন্দিৰলৈ যাবলৈ , ৪৮ ঘণ্টাৰ আগতে কৰা আৰটি পিচিআৰ পৰীক্ষাৰ নিগেটিভ প্ৰতিবেদন নিব লাগিব। মন্দিৰ কৰ্তৃপক্ষৰ ফালৰ পৰা কোৱা হৈছে দৰ্শনাৰ্থীসকলে কঠোৰ ক’ভিড নিয়ম অনুসৰণ কৰিব লাগিব।

আনকি মন্দিৰত প্ৰৱেশ কৰিব বিচাৰিলেও, এইবাৰ অনলাইন টিকট বুক কৰিব লাগিব। কিন্তু পাঁচ হেজাৰতকৈ ৰো অধিক দৰ্শনাৰ্থীক ভিতৰলৈ যাবলৈ অনুমতি দিয়া নহ’ব। মন্দিৰ কৰ্তৃপক্ষই মন্দিৰৰ চৌহদত মাস্ক পিন্ধা আৰু সামাজিক দূৰত্বৰ নিয়ম বজাই ৰখাত নিৰীক্ষণ কৰিব।

কেৰালাত, শুক্ৰবাৰে এদিনত ১৩হেজাৰ ৭৫০ জন লোক দেহত পোৱা গৈছে কৰ’নাৰ ভাইৰাচৰ অৱস্থিতি । দৈনিক মৃত্যু হৈছে ১৩০জন ক’ভিড ৰোগী । সেই ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ৩১ লাখ ৩০ হেজাৰ ৮৩৩ জন লোক। এক লাখ ২১হেজাৰ লোক বৰ্তমান চিকিৎসাধীন হৈ আছে।

যোৱা মে মাহত কৰ’নাৰ দ্বিতীয় ঢৌত সংক্ৰমণ বৃদ্ধিৰ বাবে ভক্তসকলক প্ৰৱেশৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিলে মন্দিৰৰ কৰ্তৃপক্ষই । কিন্তু এইবাৰ মন্দিৰটো মুকলি কৰা হৈছে কিন্তু কৰ’না পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এক কঠোৰ সিদ্ধান্তত খোলা হৈছে আয়াপ্পাৰ মন্দিৰ ।

Exit mobile version