শুক্ৰবাৰে তিনিচুকীয়াত কিডনী বিক্ৰী কৰা এজনৰ স’তে নাম সাঙোৰ খোৱা পম্পীৰ স্পষ্টীকৰণ

তিনিচুকীয়াৰ শ্ৰীপুৰীয়াত ভাৰাতীয়া হিচাপে থকা মনিপুৰৰ অৰূপ কুমাৰ সিনহা নামৰ এজন লোকে কিডনী বিক্ৰী কৰাৰ তথ্য শুক্ৰবাৰে পোহৰলৈ আহে ।

ADVERTISEMENT

অৰূপ কুমাৰৰ পত্নীয়ে জনোৱা অনুসৰি পৰিয়ালটোৰ স’তে মানৱ অংগ বিক্ৰী কৰা এটা চক্ৰৰ স’তে যোগাযোগ কৰাই দিছিল পম্পী নামৰ এগৰাকী মহিলাই ।

তাৰ পাছতে শনিবাৰে পম্পী নামৰ মহিলাগৰাকীয়ে সংবাদমাধ্যমৰ আগত স্পষ্টকৈ কয় যে তেখেতে নিজেও কিডনী দান কৰিছিল গুৱাহাটীৰ চাইঞ্চ লাইফ ইঞ্চুৰেঞ্চ নামৰ এটা সংস্থাৰ জৰিয়তে ৷

উক্ত অৰূপ কুমাৰৰ পৰিয়ালে তেখেতৰ লগত যোগাযোগ কৰাত তেখেতে মাথোঁ সংস্থাটোত জড়িত জিতু নামৰ এজন লোকৰ স’তে যোগাযোগ কৰাই দিছিল জনৈক পম্পীয়ে ৷

Exit mobile version