★এৰা পাতৰ ৰস উলিয়াই তাক কপাহৰ সহায়ত এলার্জি,খৰ-খজুৱতি হােৱা ঠাইত লগালে ইয়াৰ পৰা সকাশ লাভ কৰিব পাৰিব।
★এৰাগছৰ গুটিৰপৰা তৈয়াৰী কেষ্টৰ অইল অলপ গৰম কৰি ইয়াৰ সহায়ত বিষ হােৱা ঠাইত মালিচ কৰিলে আপােনালােকে দেহৰ যিকোনাে বিষৰ পৰা হাত সাৰিব পাৰিব।
★ কেষ্টৰ অইলৰ পৰিৱর্তে আপােনালােকে এটা এৰা পাত লৈ তাত অলপ মিঠাতেল সানি জুইৰ তাপত অলপ গৰম কৰিব আৰু তল পেটত লাহে লাহে লগালে মহিলাৰ মাহেকীয়াৰ লগত জড়িত যিকোনাে ৰােগ নিৰাময় হয়।
★এৰাগছৰ গুটিৰপৰা তৈয়াৰী কেষ্টৰ অইলৰ লগত এচামুচ নাৰিকল তেল মিহলাই সেই তেল ৰাতি শুৱাৰ আগতে চুলিত লগাই পাছদিনা ধুই দিলে চুলি সৰা বন্ধ হয় আৰু চুলি দীঘল হয়।
★এৰাপাতৰ ৰস উলিয়াই ১০০ গ্রাম পানীত উতলাই তাৰে ৫০ গ্রাম নিয়মিতভাৱে খালে স্তন কেন্সাৰৰ পৰা সকাশ লাভ কৰিব পাৰিব।
★এৰাগছৰ গুটিৰপৰা তৈয়াৰী কেষ্টৰ অইল কপাহৰ সহায়ত মুখত পৰা ক’লা চূণ বা ক’লা দাগত লগাই পাঁচ মিনিট মান মাচাজ কৰি ৰাতিটো থাকিবলৈ দি ৰাতিপুৱা পানীৰে ধুই দিলে ইয়াৰ পৰা হাত সাৰিব পাৰি।
★নিয়মিতভাৱে এৰা পাতৰ ৰস এচামুচকৈ খালে শৌচ খােলােচা হয়।
★এৰাগছৰ শিপা খুন্দি তাৰ লেপন তালুত দিলে মূৰৰ বিষ ভাল হয়।
★এচামুচ এৰাপাতৰ ৰসৰ লগত আধা চামুচ মৌজোল মিহলাই ৰাতিপুৱা খালি পেটত সেৱন কৰিলে পেলু নােহােৱা হয়।