এটিএমৰ পৰা প‌ইচা ওলিয়াবলৈ লাগিব ২১ টকা, বৃদ্ধি পাইছে ডেবিট-ক্ৰেডিট কাৰ্ডৰ মূল্য‌ও

bd04f45a65c9e2459bc1bca7f811cec6

এটিএম‌-ৰ পৰা প‌ইচা ওলিৱাৰ মূল্য বৃদ্ধি কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে । এটিএমৰ পৰা প‌ইচা ওলিৱাবলৈ গ্ৰাহকে প্ৰতিবাৰে দিব লাগিব অতিৰিক্ত ২১ টকা । আগন্তুক বৰ্ষ অৰ্থাৎ ২০২২ৰ এক জানুৱাৰীৰ পৰাই আৰম্ভ হ’ব এই নতুন নিয়ম । এক বিবৃতি জাৰি কৰি এই ঘোষণা কৰিছে ৰিজাৰ্ভ বেংকে ।

এই পৰ্যন্ত গ্ৰাহকসকলে মাহত পাঁচবাৰ বিনামূল্যে এটিএমৰ লেনদেনৰ সুবিধা লাভ কৰি আছিল । এই লেনদেন প‌ইচা ওলিওৱা বা জমা কৰা হ’ব পাৰে আৰু অ-অৰ্থনৈতিক পৰিসেৱা সংক্ৰান্ত‌ও হ’ব পাৰে । এতিয়ালৈকে গ্ৰাহকে বিনামূলীয়া পৰিসেৱা অতিক্ৰম কৰিলে প্ৰতি লেনদেনত ২০ টকাকৈ দিবলগীয়া হৈছিল । অনাগত বছৰৰ প্ৰথম দিনাখনৰ পৰা এই টকাৰ পৰিমাণ এক টকাকৈ বৃদ্ধি পাব ।

তদুপৰি ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ তত্ত্বাৱধান কৰা সংস্থাৰ পৰা গ্ৰহণ কৰা সেৱাৰ মূল্য‌ও বৃদ্ধি কৰা হৈছে । অৰ্থনৈতিক লেনদেনৰ বাবে ১৫ টকাৰ পৰা বৃদ্ধি কৰি ১৭ টকা কৰা হৈছে । অ-অৰ্থনৈতিক লেনদেনৰ ক্ষেত্ৰত পাঁচ টকাৰ বৃদ্ধি কৰি ছটকা কৰা হৈছে ।

Exit mobile version