ক’ডিডত আক্ৰান্তসকলৰ যক্ষ্মা হোৱাৰ শংকা, পৰীক্ষণৰ নিৰ্দেশ স্বাস্থ্য মন্ত্ৰণালয়ৰ

what is tuberculosis

কৰ’না সংক্ৰমণৰ ফলত ৰোগীৰ দেহত যক্ষ্মাৰ জীৱাণুৱেও স্থান ল’ব পাৰে বুলি শংকা প্ৰকাশ কৰিলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে । মন্ত্ৰণালয়ৰ দাবী, ক’ভিডত আক্ৰান্ত হোৱা ৰোগীসকলৰ যক্ষ্মাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায় । এই দাবীৰ পৰ্যৱেক্ষণ কৰিবলৈ তৎপৰ মন্ত্ৰণালয় । ক’ভিড আক্ৰান্তসকল যক্ষ্মা ৰোগত আক্ৰান্ত হৈছে নেকি পৰীক্ষা কৰিবৰৈ সকলো ৰাজ্যকে পৰামৰ্শ দিলে মন্ত্ৰণালয়ে । লগতে যক্ষ্মা ৰোগীসকলেও ক’ভিড পৰীক্ষা কৰা প্ৰয়োজন বুলি জনালে মন্ত্ৰণালয়ৰ বিষয়াসকলে ।

শনিবাৰে সেই মৰ্মে সকলো ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ প্ৰশাসনক উদ্দেশ্যি এক নিৰ্দেশনা জাৰি কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে । নিৰ্দেশনাত জনোৱা হৈছে, এইবাৰৰ পৰা সকলো ক’ভিড ৰোগীয়ে যক্ষ্মাৰ পৰীক্ষণো কৰিব লাগিব । লগতে যক্ষ্মা ৰোগীসকলৰ ক’ভিড সংক্ৰমণ হৈছে নেকি, সেইটোও পৰ্যৱেক্ষণ কৰাৰ পৰামৰ্শ দিছে মন্ত্ৰণালয়ে ।

সম্প্ৰতি ক’ভিডত আক্ৰান্তসকলৰ মাজত যক্ষ্মা বৃদ্ধি পাইছে বুলি কে’বাটাও প্ৰতিবেদন পোৱা গৈছে ।

মন্ত্ৰণালয়ে প্ৰকাশ কৰা বিবৃতিত জনোৱা হৈছে, বিগত বৰ্ষত কৰ’না পৰিস্থিতিত যক্ষ্মা ৰোগৰ ৰিপ’ৰ্ট নথিভুক্ত কৰা প্ৰায় ২৫ শতাংশ কমি গৈছিল । যক্ষ্মা আৰু ক’ভিড দুয়োটাতে প্ৰায় একেধৰণৰে উপসৰ্গ দেখা যায় । হাওঁফাওঁত সংক্ৰমণৰ লগতে শ্বাস কষ্ট আৰু কাঁহ হয় আক্ৰান্তসকলৰ ।

আনহাতে, যক্ষ্মা ৰোগৰ জীৱাণু মানৱ দেহত সুপ্ত অৱস্থাত থাকিব পাৰে । কোনো কাৰণত প্ৰতিৰোধ ক্ষমতা হ্ৰাস পালে নিজৰ শক্তি বঢ়াই সংক্ৰমিত হয় । প্ৰায় একে ধৰণৰে ক’ভিডৰ পৰা সুস্থ হোৱা ব্যক্তিও প্ৰতিৰোধ ক্ষমতা হ্ৰাস হোৱাৰ ফলত পুনৰ কৰ’নাত আক্ৰান্ত হ’ব পাৰে । সেয়ে দুয়োটা ৰোগতে সতৰ্কতা অৱলম্বন কৰিব লাগে বুলি জনায় স্বাস্থ্য মন্ত্ৰণালয়ে ।

Exit mobile version